নগাঁও, 11 জুলাই :নগাঁৱত 24 ঘণ্টাৰ ভিতৰত সংঘটিত হৈছে দ্বিতীয়টো গুলীচালনাৰ ঘটনা । ধিঙৰ শালকাটিত দেওবাৰে পুৱতি নিশা আৰক্ষীৰ গুলীত নিহত হয় কুখ্যাত অপৰাধী জয়নাল আবেদিন । নিহত জয়নাল আবেদিন বিভিন্ন অপৰাধৰ লগতে অস্ত্ৰ সৰবৰাহৰ লগতো জড়িত আছিল । এক গোপন খবৰৰ ভিত্তিত দেওবাৰে পুৱতি নিশা নগাঁও আৰু ধিং আৰক্ষীয়ে চলোৱা অভিযানত মৃত্যু হয় জয়নালৰ ৷
নগাঁও আৰু ধিং আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই কুখ্যাত অপৰাধীটোক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে আৰক্ষী আৰু ডকাইতটোৰ মাজত চলে গুলীয়াগুলি । এই সংঘৰ্ষত মৃত্যু হয় জয়নাল আবেদিনৰ । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা ৭.৬৫ ৰ এটা পিষ্টলৰ লগতে তিনিজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে ।