অসম

assam

ETV Bharat / state

প্ৰধান শিক্ষকৰ পদকলৈ খোৱা কামোৰা, পিছে কিয় ? - Nagaon

বঢ়মপুৰৰ ঠেংকুছী প্ৰাথমিক বিদ্যালয়ত এখন চকীক লৈ খোৱা কামোৰা লাগিছে তিনিজনৰ শিক্ষকৰ মাজত ৷ বছৰেকীয়া পৰীক্ষা সমাগত যদিও এইপৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা নাই পাঠ্যপুথি ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক চন্দ্ৰমণি চমুৱাৰ বিৰুদ্ধে সুৰাপান কৰি অহাৰ অভিযোগ ৷

প্ৰধান শিক্ষকৰ পদকলৈ খোৱা কামোৰা, পিছে কিয় ?

By

Published : Sep 16, 2019, 10:37 PM IST

Updated : Sep 16, 2019, 11:00 PM IST

বঢ়মপুৰ, 16 চেপ্তেম্বৰ :বঢ়মপুৰৰ এখন বিশেষ বিদ্যালয় ৷ ঠেংকুছী প্ৰাথমিক বিদ্যালয়খনৰ আছে এক বিশেষ গুৰুত্ব ৷ শুনিলে হয়তো আপুনিও আচৰিত হ'ব ৷ বিদ্যালয়খনত আছে তিনিজনকৈ প্ৰধান শিক্ষক ৷ এখন চকীক লৈ খোৱা কামোৰা লাগিছে তিনিজনৰ শিক্ষকৰ মাজত ৷ ফলত বছৰেকীয়া পৰীক্ষা সমাগত যদিও এইপৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা নাই পাঠ্যপুথি ৷ লগতে মধ্যহ্ন ভোজনৰ পৰাও বঞ্চিত হৈ ৰৈছে কণ-কণ শিক্ষাৰ্থী ৷

প্ৰধান শিক্ষকৰ পদকলৈ খোৱা কামোৰা, পিছে কিয় ?

বিগত বহুদিনৰ পৰাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক চন্দ্ৰমণি চমুৱাৰ বিৰুদ্ধে সুৰাপান কৰি অহাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ কোনো অনুমতি নোহোৱাকৈয়ে বিদ্যালয়ত অনুপস্থিত থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ সমান্তৰালকৈ সহ শিক্ষয়ত্ৰী ৰুমি গায়নৰো বিদ্যালয়ত উপস্থিতি তেনেই সীমিত ৷ নিজৰ স্বাস্থ্যৰ দোহাই দি বিগত তিনিমাহ ধৰি বিদ্যালয়ত উপস্থিত নথকা প্ৰধান শিক্ষক চন্দ্ৰমণি চমুৱাৰ স্থানত প্ৰথমগৰাকী সহ শিক্ষয়ত্ৰী নিজুমাই বৰাই প্ৰধান শিক্ষয়ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিব লাগিছিল যদিও শাৰীৰিক অসুস্থাৰ সুযোগ লৈ প্ৰধান শিক্ষকৰ দ্বায়িত্ব লবলৈ অপাৰগতা প্ৰকাশ কৰে নিজুমাই বৰাই ৷ এনে পৰিস্থিতিত বিদ্যালয়খনৰ আন দুগাৰাকী শিক্ষক ক্ৰমে ৰুমি গায়ন আৰু পাৰ্থ প্ৰতিম বৰাই প্ৰধান শিক্ষকৰ পদৰ বাবে মন মেলে ৷ ইফালে প্ৰধানশিক্ষক আৰু সহ শিক্ষয়ত্ৰীৰ অনুপস্থিতিত ৰুমি গায়ন বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ দায়িত্বভাৰ গ্ৰহণ কৰিবলৈ আহে যদিও অভিভাৱক আৰু মাতৃগোটে শিক্ষয়ত্ৰীগৰাকীক বিদ্যালয়ত প্ৰৱেশত বাধা আৰোপ কৰে ৷ ইপিনে, কঠিয়াতলী শিক্ষাখণ্ডৰ বিষয়াই পাৰ্থ প্ৰতিম বৰাক প্ৰধান শিক্ষক পদত যোগদানৰ নিৰ্দেশ দিয়ে । শিক্ষকৰ এনে হেমাহিৰ বাবে এতিয়া বিদ্যালয়খনত শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হৈ ৰৈছে কণ-কণ শিক্ষাৰ্থী ৷ এইক্ষেত্ৰত বিদ্যালয় পৰিদৰ্শকৰ ভূমিকাও নিৰ্বিকাৰ ৷

নগাঁৱৰ ঠেংকুচী প্ৰাথমিক বিদ্যালয়খনৰ অচলাৱস্থাই পুনৰ প্ৰমাণিত কৰিলে শিক্ষা বিভাগত চলি থকা অৰাজকতা ৷ কিন্তু প্ৰশ্ন হয়, কণ-কণ শিক্ষাৰ্থীৰ জীৱনৰ লগত হেতালি খেলাৰ অধিকাৰ এওঁলোকক কোনো প্ৰদান কৰিলে ৷ যি সময়ত প্ৰধান শিক্ষকৰ স্থায়ী নিযুক্তিৰ বাবে প্ৰাথমিক শিক্ষক সন্থাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে, ঠিক একেটা সময়তে বিভাগীয় শিক্ষকৰ এনে নমুনা কিমান গ্ৰহণযোগ্য ৷ এইক্ষেত্ৰত বিভাগীয় মন্ত্ৰী সিদ্বাৰ্থ ভট্টাচাৰ্যই পৰৱৰ্তী কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয় ৷

Last Updated : Sep 16, 2019, 11:00 PM IST

ABOUT THE AUTHOR

...view details