চামগুৰি, 30 জানুৱাৰী : নগাঁৱৰ বঢ়মপুৰত বন বিভাগৰ লোকৰ চৰম গাফিলতিৰ বাবে এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ ৷ বঢ়মপুৰৰ মুৰ্গী লৰাইত বনৰীয়া ম’হৰ আক্ৰমণত নিহত হয় লোকজন(One died in wild buffalo attack) ৷ নিহত লোকজনৰ বংশী মুড়া বুলি জানিব পৰা হৈছে ৷ এই পৰ্যন্ত ঘটনাস্থলিত উপস্থিত হোৱা নাই নগাঁও সদৰ আঞ্চলিক বন বিভাগৰ লোক ৷
বংশী মুড়াই পথাৰত গৰু চৰাবলৈ যাওতে আক্ৰমণ কৰে বনৰীয়া ম’হটোৱে(Baffalo attack in Nagaon) । বনৰীয়া ম’হৰ আক্ৰমণত গুৰুতভাৱে আহত হয় লোকজন ৷ স্থানীয় লোকে পাছত বনৰীয়া ম’হটোক খেদি লোকজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত নগাঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ ৷