বঢ়মপুৰ, 26 এপ্ৰিল :দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষা ৷ পৰৱৰ্তী সময়ত ভাইৰেল হৈ পৰে পৰীক্ষাৰ প্ৰশ্নকাকত (Assam police SI Exam Question Paper Viral) ৷
তাৎপৰ্যপূৰ্ণ যে, পৰীক্ষা হলৰ পৰা বাহিৰলৈ প্ৰশ্নকাকত নিয়াত আৰোপ কৰা হৈছিল বাধা ৷ এই ঘটনা সন্দৰ্ভত জড়িতৰ সন্দেহত কামপুৰ আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক(One person detained for involvement in viral SI exam question paper) ৷ কামপুৰ আৰক্ষীয়ে আটক কৰা যুৱকজন চাংচকীৰ পিণ্টু গোঁহাই বুলি জানিব পৰা গৈছে ৷