নগাঁও, 25 মে’ :অবৈধ মাৰণাস্ত্ৰৰ সৈতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰি গ্ৰেপ্তাৰ হ’ল যুৱক ৷ এই ঘটনা নগাঁৱৰ ৷ নিজকে সংখ্যালঘু নেতা বুলি দাবী কৰা কামৰুজ জামান সৰকাৰ নামৰ যুৱকজনে মঙলবাৰে জিলা আৰক্ষী অধীক্ষক লীনা দলেৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা চলায় ৷ যুৱকজনৰ এই কাৰ্যত আৰক্ষীয়ে প্ৰথমে তেওঁক আটক কৰি নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰে(One person arrested with illegal weapons in Nagaon SP Office) ৷
জানিব পৰা মতে, পূৰ্বে নগাঁও আৰক্ষীৰে থকা ঘনিষ্ঠতাৰ সুবাদতে কামৰুজে লাভ কৰিছিল মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ ৷ কেৱল এয়াই নহয়, লাভ কৰিছিল দুজনকৈ দেহৰক্ষীও ৷ কিন্তু মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ ম্যাদ উকলাৰ পিছতো যুৱকজনে কৰা নাছিল কোনো নৱীকৰণ ৷ অনুজ্ঞাপত্ৰ অবিহনেই কামৰুজে নিজৰ সৈতে লৈ ফুৰিছিল এটা .23 পিষ্টল ৷ মঙলবাৰে এই পিষ্টলটো(Illegal weapons seized in Nagaon SP office) ৰ সৈতে কামৰুজে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে তেওঁক আটক কৰে ৷