জুৰীয়া, 6 মে': জুৰীয়াত নিশা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী । মঙলবাৰে নিশা জুৰীয়া আৰক্ষীৰ তহলদাৰী আৰক্ষীৰ দলে জুৰীয়া থানা ৰোড তিনিআলিত, মটৰচাইকেলত অহা দুজন লোকক দেখি ৰখিবলৈ দিয়াত এজনক এৰি আনজনে পলাই সাৰিবলৈ সক্ষম হয় ।
জুৰীয়াত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী - জুৰীয়াত ড্ৰাগছ ব্যৱসায়ী আটক.
মঙলবাৰে নিশা জুৰীয়া আৰক্ষীৰ তহলদাৰী আৰক্ষীৰ দল এটাই অভিযান চলাই, ড্ৰাগছসহ আমৰান খান নামৰ এজন অভিযুক্ত ড্ৰাগছ ব্যৱসায়ীক আটক কৰে ।
![জুৰীয়াত ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী one person arrested in juria with drugs](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7089056-69-7089056-1588775944875.jpg)
one person arrested in juria with drugs
জুৰীয়াত ড্ৰাগছসহ আটক অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী
প্ৰথমে সাধাৰণ লোকৰ বেশত অহা লোক দুজনক দেখি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা নাছিল যদিও, অভিযান চলোৱাত আৰক্ষীয়ে লোকজনৰ পৰা ১৪ গ্ৰাম ড্ৰাগছৰ লগতে এটা মবাইল ফোন আৰু নগদ 9 হাজাৰ 50 টকা জব্দ কৰে । ড্ৰাগছসহ আটকাধীন লোকজন জুৰীয়াৰ কাৱৈমাৰী গাঁৱৰ আমৰান খান বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, এমৰাণ হুছেইন পূৰ্বতেও বুজন পৰিমানৰ নিচা জাতীয় সামগ্ৰীসহ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ।