অসম

assam

ETV Bharat / state

কামপুৰৰ আৰক্ষীৰ জালত কিশোৰী হত্যাকাৰী

সুদীৰ্ঘ 6 মাহৰ অন্তত আৰক্ষীৰ জালত পৰিল 14 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যাকৰা এক অভিযুক্তক ৷

By

Published : Nov 24, 2019, 12:51 PM IST

কামপুৰৰ আৰক্ষীৰ জালত কিশোৰী হত্যাকাৰী

বঢ়মপুৰ, 24 নৱেম্বৰঃ কামপুৰ আৰক্ষীৰ জালত 14 বছৰীয়া কিশোৰী হত্যাকাৰী ৷ ধৃত হত্যাটোৰ নাম খলিল উদ্দিন ৷


উল্লেখযোগ্য যে, কামপুৰৰ কাকতি গাঁৱৰ ১৪ বছৰীয়া কচুমা বেগম নামৰ কিশোৰী গৰাকীক প্ৰেম কৰাৰ চলৰে ফুচুলাই লৈ গৈছিল খলিল উদ্দিন নামৰ যুৱকজনে । পিছত তিন দিন ধৰি ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱতী গৰাকীক পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰে যদিও কোনো উৱাদিহ উলিয়াব নোৱাৰে । পৰৱৰ্তী সময়ত কাকতি গাৱঁৰ বৰুৱাবালি পথাৰৰ মাজত থকা এটা ঘৰৰ পৰা কচুমা বেগমৰ মৃতদেহ উদ্ধাৰ হয় ।

কামপুৰৰ আৰক্ষীৰ জালত কিশোৰী হত্যাকাৰী

আনহাতে কচুমা বেগমৰ পৰিয়ালৰ অভিযোগ অনুসৰি কচুমাক ধৰ্ষন কৰি হত্যা কৰে খলিল উদ্দিনে ৷ ঘটনাটি সংঘটিত কৰাৰ পাছৰে পৰাই পলায় আছিল হত্যাকাৰী খলিল উদ্দিন ৷ পৰিয়ালক ঘটনা সন্দৰ্ভত খলিল উদ্দিনৰ বিৰুদ্ধে ৰুজু কৰে এটা গোচৰ ৷ আৰক্ষীয়ে এক গোপনসূত্ৰৰ পম খেদি নিশা ৰূপহী বেলতলিত আশ্ৰয় লৈ থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় হত্যাকাৰী খলিল উদ্দিনক ৷ ইতিমধ্যে আৰক্ষীয়ে উক্ত ঘটনাৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details