বঢ়মপুৰ,24জুনঃ অসমৰ এগৰাকী উদীয়মান মডেলৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ বিগত ১৯জুনত মুম্বাইৰ পৰা আহিছিল মডেলগৰাকী ৷ মুম্বাইৰ পৰা আহিয়েই কামপুৰ পৌৰ সভাৰ ৩ নং ৱাৰ্ডত হোম কোৱাৰেন্টাইন হৈ আছিল মডেলগৰাকী ৷
এইবাৰ অসমীয়া মডেল আক্ৰান্ত কৰ'ণাত - নগাঁৱৰ কামপুৰ পৌৰ সভা
নগাঁৱৰ কামপুৰ পৌৰ সভাৰ ৩ নং ৱাৰ্ডত হোম কোৱাৰেন্টাইন হৈ থকা এগৰাকী মডেলৰ শৰীৰত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ মুম্বাইৰ পৰা আহিছিল যুৱতীগৰাকী ৷
![এইবাৰ অসমীয়া মডেল আক্ৰান্ত কৰ'ণাত one model from nagaon test found corona positive](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7754994-thumbnail-3x2-a.jpg)
অসমৰ এগৰাকী উদীয়মান মডেলৰ শৰীৰত কৰ'ণা
অসমৰ এগৰাকী উদীয়মান মডেলৰ শৰীৰত কৰ'ণা
নগাঁৱৰ কামপুৰৰ মডেল গৰাকীৰ নাম ঈচিকা বৰা ৷ শেহতীয়াকৈ পোহৰলৈ অহা তথ্য মতে, কামপুৰৰ গৃহত মডেল গৰাকীৰ লগতে থকা এজন ব্যক্তিয়ে পাচলি কিনিবলৈ গৈছিল বজাৰৰ পৰা । স্থানীয় লোকৰ অনুৰোধক উপলুঙা কৰিছিল যুৱতী গৰাকীয়ে । ঈচিকা বৰা নামৰ যুৱতী গৰাকী পজিটিভ ওলোৱাত এতিয়া আতংকিত হৈছে স্থানীয় লোক সকল ৷ ইতিমধ্যে নগাঁও ভোগেশ্বৰী ফুকননী COVID-19 চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে যুৱতী গৰাকীক ৷
লগতে পঢ়কঃমাস্কখনক হিন্দীত বাৰু কি কয় ! উত্তৰ দিলে বিগ বিয়ে
Last Updated : Jun 24, 2020, 9:57 PM IST