অসম

assam

ETV Bharat / state

Land Centric Conflict : নগাঁৱত ভূমিকেন্দ্ৰিক সংঘাতত প্ৰাণ গ’ল এজনৰ

ভূমিক কেন্দ্ৰ কৰি চলি অহা এখন দীৰ্ঘদিনীয়া কাজিয়াৰ পৰিণতিত দেওবাৰে এজনে প্ৰাণ হেৰুৱাব লগীয়া হ’ল নগাঁৱত (One killed in land centric clash at Juria in Nagaon)৷ দুটা ফৈদৰ মাজত থকা ভূমি বিবাদে আক্ৰমণৰ ৰূপ লোৱাত মৃত্যু ঘটে গুলজাৰ হুছেইন নামৰ এজন ব্যক্তিৰ ৷

Land Centric Conflict
ভূমিকেন্দ্ৰিক সংঘাতত নগাঁৱত মৃত্যু এজনৰ

By

Published : Jan 10, 2022, 11:04 AM IST

নগাঁও, 10 জানুৱাৰী :নগাঁৱ জুৰীয়াৰ কালিয়াডিঙাত সংঘটিত হয় এক ভয়াৱহ ভূমিকেন্দ্ৰিক সংঘাত (One killed in land centric clash at Juria in Nagaon) ৷ বহুদিনীয়া ভূমি বিবাদৰ বাবেই প্ৰাণ গ’ল এজনৰ ৷ ভূমিক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত দেওবাৰে এটা ফৈদৰ মানুহে হাতত চোকা মাৰাণাস্ত্ৰৰে সু-সজ্জিত হৈ আনটো ফৈদৰ গৃহত অনাধিকাৰে প্ৰৱেশ কৰি আক্ৰমণ কৰে ৷

এই আক্ৰমণৰ ঘটনাত গুলজাৰ হুছেইন নামৰ এজন ব্যক্তিৰ প্ৰাণ যোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷ উল্লেখ্য যে, জুৰীয়াৰ কালিয়াডিঙাৰ কদ্দুছ আলী আৰু গুলজাৰ হুছেইন নামৰ দুই পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি এডৰা ভূমিক লৈ চলি আহিছিল বিবাদ ৷ যাৰ পৰিপ্ৰেক্ষিতত দুই পৰিয়ালে জুৰীয়া আৰক্ষী থানাতো ৰুজু কৰিছিল গোচৰ ৷

ভূমিকেন্দ্ৰিক সংঘাতত নগাঁৱত মৃত্যু এজনৰ

ইমানদিনে মীমাংসা নোহোৱা মাটি-বাৰীৰ এই সংঘাতে অৱশেষত দেওবাৰে ধাৰণ কৰে ভয়ংকৰ ৰূপ ৷ কদ্দুছ আলীৰ ফৈদৰ এটা দলে গুলজাৰ হুছেইনৰ গৃহত অনাধিকাৰে প্ৰৱেশ কৰি ঘৰখনৰ সকলোকে আক্ৰমণ কৰে ৷ এই আক্ৰমণত গুলজাৰ হুছেইন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ৰূহুল আমিন ,আব্দুল ৰৌফ আৰু আব্দুল মালেক ৷ আটাইকে বৰ্তমান উন্নত চিকিৎসাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷

লগতে পঢ়ক :Strict action against illegal sale of liquor: মাজুলীত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা

ABOUT THE AUTHOR

...view details