নগাঁও,14 জুলাই:গুৱাহাটী মহানগৰীস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ পিছত কৰ’ণা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে নগাঁৱৰ কেন্দ্ৰীয় কাৰাগাৰত ৷ এগৰাকী চিকিৎসকৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত স্বাভাৱিকতে এক আতংকই বিৰাজ কৰিছে কাৰাগাৰ চৌহদত ৷ 61 বছৰীয়া আক্ৰান্ত চিকিৎসকগৰাকীয়ে দীৰ্ঘদিনৰ পৰা কৰ্মৰত হৈ আছিল কাৰাগাৰটোত ৷
কৰ’ণাত আক্ৰান্ত নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ চিকিৎসক - Community Spread nagaon
নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী চিকিৎসকৰ দেহত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত স্বাভাৱিকতে এক আতংকই বিৰাজ কৰিছে ৷ 61 বছৰীয়া আক্ৰান্ত চিকিৎসকগৰাকীয়ে দীৰ্ঘদিনৰ পৰা কৰ্মৰত হৈ আছিল কাৰাগাৰটোত ৷
নগাঁও কেন্দ্ৰীয় কাৰাগাৰ
ইতিপূৰ্বে এগৰাকী কাৰাবন্দীৰ দেহত ধৰা পৰিছিল ভাইৰাছবিধৰ উপস্থিতি ৷ উক্ত আক্ৰান্তৰ সংস্পৰ্শলৈ আহিছিল সম্প্ৰতি Covid 19 ত আক্ৰান্ত চিকিৎসকগৰাকী ৷ যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ কাৰাগাৰ চৌহদতে সৃষ্টি হৈছে আতংকৰ ৷ লগতে আশংকা প্ৰকাশ কৰা হৈছে গণ সংক্ৰমণৰ ৷
Last Updated : Jul 14, 2020, 1:22 PM IST