অসম

assam

ETV Bharat / state

বঢ়মপুৰৰ কামপুৰ কচুৱা পথত ভয়ংকৰ পথ দূৰ্ঘটনা - বঢ়মপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

ট্ৰেক্টৰ আৰু মটৰচাইকেলৰ মাজৰ সংঘৰ্ষত থিতাতে নিহত হয় ট্ৰেক্টৰ চালক মেৰাজুল ইছলাম ৷ কামপুৰৰ পৰা কচুৱা অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় ট্ৰেক্টৰখন ৷

one died in road accident in barhampur
বঢ়মপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

By

Published : Jan 2, 2020, 5:45 PM IST

বঢ়মপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

বঢ়মপুৰ , 2 জানুৱাৰীঃ বঢ়মপুৰৰ কামপুৰ কচুৱা পথত সংঘটিত পথ দুৰ্ঘটনাত নিহত হয় এজন ব্যক্তি ৷ ঘটনাৰ বিৱৰণী মতে, এখন বাইকক মহতিয়াই নি পথৰ ওপৰতে বাগৰি পৰে এখন তীব্ৰবেগী ট্ৰেক্টৰ ৷ দুৰ্ঘটনাটোৰ ফলত বাইক আৰোহী চাইফুল ইছলাম আৰু ট্ৰেক্টৰত অহা নেকিবুদ্দিন আহমেদ গুৰুতৰভাৱে আহত হোৱাৰ লগতে নিহত হয় ট্ৰেক্টৰ চালক মেৰাজুল ইছলাম ৷ কামপুৰৰ পৰা কচুৱা অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় ট্ৰেক্টৰখন ৷ তিনিওকে সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যু হয় দাপাৰা মিনাপামৰ মেৰাজুল ইছলামৰ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details