অসম

assam

ETV Bharat / state

Road accident at Dhing: নগাঁৱত তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত মটৰ চাইকেল আৰোহী - Road accident at Dhing

নগাঁও জিলাত নথিপত্ৰ থকা অথবা নথকাকৈয়ে চলাই থকা মাটি কঢ়িওৱা ডাম্পাৰৰ সংখ্যা বৃদ্ধি (Dumpers without document in Nagaon)। এনে ডাম্পাৰৰ গৰাকীক নাকী লগাব পৰা নাই নগাঁও পৰিবহণ বিভাগে ।

Dumper terror in Nagaon
নগাঁৱত ডাম্পাৰ চালকৰ অতপালি

By

Published : Mar 13, 2023, 1:07 PM IST

নগাঁৱত ডাম্পাৰ চালকৰ অতপালি

নগাঁও, ১৩ মাৰ্চ: নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে একাংশ ডাম্পাৰ চালকৰ অতপালি (Dumper terror in Nagaon)। তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীক । ইয়াৰ মাজতে দেওবাৰে নিশাও তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত হয় বাবুল হক নামৰ মটৰ চাইকেল আৰোহীজন (One death in road accident ) । নগাঁৱৰ ধিঙত সংঘটিত হৈছে এই ঘটনাটো ।

জিলাখনৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ বৃদ্ধি পোৱা ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰিছে ৰাইজক । একাংশ ডাম্পাৰ চালকক নগাঁও পৰিবহণ বিভাগে নিয়ন্ত্ৰণ কৰিব নোৱাৰা এক পৰিস্থিতিৰ সৃষ্টি কৰিছে । ইপিনে, নগাঁও পৰিবহণ বিভাগৰ নীৰৱতাৰ সুযোগ লৈয়েই যান-বাহন আইন ভংগ কৰি ৰাজপথত একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিছে এই ডাম্পাৰ চালকসকলে । শেহতীয়াকৈ নগাঁৱৰ ধিঙত তীব্ৰবেগী ডাম্পাৰৰ বাবেই এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল ।

দেওবাৰে নিশা ১১ বজাত ধিঙৰ মহখুটিত ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো (Road accident at Dhing)। নিশা এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়ে লোকজনক । মহখুটি বজাৰৰ পৰা মটৰ চাইকেলত ঘৰলৈ গৈ থকাৰ সময়ত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিয়াত থিতাতে নিহত হয় মহখুটিৰ বাবুল হক নামৰ লোকজন ।

আনহাতে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই লগে লগে পলায়ন কৰে ডাম্পাৰখনে । তাৰ পাছতেই উত্তেজিত ৰাইজে সেই পথেৰে মাটি কঢ়িওৱা বহুকেইখন ডাম্পাৰ বহুসময় পথত ৰখাই থয় । পিছত ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । উল্লেখ্য যে, এই অঞ্চলটোত বিগত কিছুদিনৰ পৰা দৈনিক 20/30 খনকৈ ডাম্পাৰে তীব্ৰবেগত মাটি কঢ়িয়াই থকাৰ ফলত স্থানীয় ৰাইজ, স্কুলীয়া ছাত্র-ছাত্ৰী পথেৰে যাতায়ত কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।

তদুপৰি বিগত কিছুদিনৰ পৰা ধিং এলেকাত নথিপত্ৰ থকা অথবা নথকাকৈ চলাই থকা মাটি কঢ়িওৱা ডাম্পাৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে যদিও এইক্ষেত্ৰত ধিং আৰক্ষীয়ে কোনো বিশেষ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । সমান্তৰালকৈ তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত নগাঁও পৰিবহণ বিভাগেও কোনো ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোয়ে সচেতন মহলত যথেষ্ট চর্চা লাভ কৰিছে ।

লগতে পঢ়ক:Oscars awards 2023: অৱতাৰ-২য়ে লাভ কৰিলে অস্কাৰৰ সন্মান, আনন্দত আত্মহাৰা হৈ পৰিল ছবিখনৰ কলা-কুশলী

ABOUT THE AUTHOR

...view details