কলিয়াবৰ, 27 এপ্ৰিলঃকলিয়াবৰৰ ভিন্ন স্থানত উদ্ধাৰ হয় এটা হৰিণা পহুৰ লগতে দুডাল বিষাক্ত সাপ ৷ উদ্ধাৰ কৰি বন বিভাগক অৱগত কৰে উদ্ধাৰকাৰীয়ে ৷ কলিয়াবৰৰ নলতলিৰ পৰা এটা হৰিণা পোৱালি উদ্ধাৰ হয় ৷ স্থানীয় নিবাসী ভদ্ৰ নাথ নামৰ লোকজনে উদ্ধাৰ কৰে হৰিণা পহুটো ৷ ভদ্ৰ নাথে উক্ত ঘটনাটো বন বিভাগত অৱগত কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ চমজি লয় হৰিণাটো ৷
কলিয়াবৰত উদ্ধাৰ এটা হৰিণা পহুৰ লগতে দুডাল বিষাক্ত সাপ - নলতলি
কলিয়াবৰৰ নলতলিৰ পৰা এটা হৰিণা পোৱালি উদ্ধাৰ হোৱাৰ লগতে কলিয়াবৰ চাহবাগিছাৰ পৰা সঞ্জীৱ ডেকা নামৰ লোক এজনে এডাল প্ৰকাণ্ড অজগৰৰ লগতে এডাল বিষাক্ত সাপ এডাল উদ্ধাৰ কৰে ৷ ইতিমধ্যে এই ঘটনাটো বন বিভাগৰ লোকক অৱগত কৰিছে উদ্ধাৰকাৰীয়ে ৷

কলিয়াবৰত উদ্ধাৰ এটা হৰিণা পহুৰ লগতে দুডাল বিষাক্ত সাপ
কলিয়াবৰত উদ্ধাৰ এটা হৰিণা পহুৰ লগতে দুডাল বিষাক্ত সাপ
আনহাতে, কলিয়াবৰ চাহ বাগিছাৰ পৰাও সঞ্জীৱ ডেকা নামৰ লোক এজনে এডাল প্ৰকাণ্ড অজগৰ আৰু বিষাক্ত সাপ এডাল উদ্ধাৰ কৰে ৷ ইতিমধ্যে এই ঘটনাটো বন বিভাগক অৱগত কৰি চমজাই দিয়ে সাপ দুদাল ৷
লগতে পঢ়ক- দৰঙৰ পদ্মাথান দেৱালয়ৰ জীৱ-জন্তুৰ মাজত তীব্ৰ খাদ্য সংকট