ETV Bharat Assam

অসম

assam

ETV Bharat / state

ব্লেকং ফাংগাছে প্ৰাণ ল’লে ধিঙৰ এজন যুৱকৰ - black fungus

দেশৰ লগতে ৰাজ্যতো ব্লেক ফাংগাছে আতংক কঢ়িয়াই আনিছে ৷ ব্লেক ফাংগাছৰ দ্বাৰা আক্ৰান্ত হৈ নগাঁও জিলাৰ ধিঙৰ এজন যুৱকৰ পুনৰ মৃত্যু হৈছে ৷

ব্লেক ফাংগাছত আক্ৰান্ত হৈ ধিঙত পুনৰ এজনৰ মৃত্যু
ব্লেক ফাংগাছত আক্ৰান্ত হৈ ধিঙত পুনৰ এজনৰ মৃত্যু
author img

By

Published : May 20, 2021, 5:44 PM IST

নগাঁও, 20 মে' : ক'ভিডৰ পাচতে ৰাজ্যৰ চাৰিও দিশে এতিয়া ব্লেক ফাংগাছৰ আতংকই বিৰাজ কৰিছে ৷ ব্লেক ফাংগাছত আক্ৰান্ত হৈ ৰাজ্যত পুনৰ এজন যুৱকৰ মৃত্যু হৈছে ৷ পলমনি বৰা নামৰ যুৱক জনৰ ঘৰ নগাঁও জিলাৰ ধিঙত বুলি জানিব পৰা গৈছে ৷

in article image
ব্লেক ফাংগাছত আক্ৰান্ত হৈ ধিঙত পুনৰ এজনৰ মৃত্যু

জানিব পৰা মতে যুৱকজনৰ গাত কেইদিনমানৰ আগতে ক'ভিডৰ উপস্থিতি পোৱা গৈছিল ৷ উশাহ লোৱা কিছু অসুবিধা হোৱাৰ বাবে যুৱক জনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ ইয়াৰ পাচতে যুৱক জন সুস্থ হোৱাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় ৷ কিন্তু দুদিনৰ পাচতে পুনৰ যুৱকজন অসুস্থ হৈ পৰাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

কিন্তু যুৱকজনৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে আৰু যুৱকজনক গুৱাহাটীৰ এপল' হাস্পতালত ভৰ্তি কৰে পৰিয়ালৰ লোকে । এপল' হাস্পতালতে যুৱকজনৰ শৰীৰত ব্লেক ফাংগাছৰ লক্ষণ ধৰা পৰে ৷ যুৱকজনৰ চিকিৎসা সেৱা অব্যাহত ৰাখিছিল যদিও অৱশেষত মৃত্যুক সাৱতি লয় যুৱকজনে ৷

লগতে পঢ়ক: ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details