অসম

assam

By

Published : Jun 13, 2021, 7:14 PM IST

Updated : Jun 13, 2021, 8:55 PM IST

ETV Bharat / state

নগাঁৱত পিষ্টলসহ এজনক আটক

দেওবাৰে নগাঁও আৰক্ষীৰ নিৰাপত্তা শাখাৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালী, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ মেৰাতলাত অভিযান চলাই কদ্দুছ আলী নামৰ অস্ত্ৰ সৰবৰাহকাৰী জনক আটক কৰে । আৰক্ষীৰ দলটোৱে কদ্দুছ আলীৰ পৰা এটা 9 MM পিষ্টলৰ লগতে সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয়।

One arrested with pistol in Nagaon
নগাঁৱত পিষ্টলসহ এজন আটক

নগাঁও, 13 জুন :অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে নগাঁও আৰক্ষী ৷ জিলাখনত আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পাচতে বিভিন্ন অপৰাধমূলক কাৰ্যৰ বিৰুদ্ধে অব্যাহত আছে তীব্ৰ অভিযান ৷ সমগ্ৰ জিলাখনত ড্ৰাগছ বিৰোধী অভিযান চলাই থকাৰ সময়তে দেওবাৰে অবৈধ মৰণাস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত পৰিল কদ্দুছ আলী নামৰ এজন অস্ত্ৰ সৰবৰাহকাৰী ৷

নগাঁৱত পিষ্টলসহ এজনক আটক

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দেওবাৰে নগাঁও আৰক্ষীৰ নিৰাপত্তা শাখাৰ উপ-আৰক্ষী অধীক্ষক দীপ্তি মালী, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নগাঁৱৰ মেৰাতলাত অভিযান চলাই কদ্দুছ আলী নামৰ অস্ত্ৰ সৰবৰাহকাৰী জনক আটক কৰে । ধৃত কদ্দুছৰ পৰা আৰক্ষীৰ দলটোৱে এটা 9 MM পিষ্টলৰ লগতে সজীৱ গুলী জব্দ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, নগাঁৱৰ চিলঙনি নিবাসী কদ্দুছ আলী পূৰ্বেও অবৈধ অস্ত্ৰ সৰবৰাহ কৰাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল । সম্প্ৰতি ধৃত কদ্দুছ সন্দৰভত অধিক তথ্যৰ বাবে নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:মাজুলীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

Last Updated : Jun 13, 2021, 8:55 PM IST

ABOUT THE AUTHOR

...view details