নগাঁও,7 অক্টোবৰ:নগাঁও জিলাৰধিঙৰ এটা হত্যাকাণ্ডত জড়িত মূল অভিযুক্তগৰাকীক অৱশেষত কৰায়ত্ত কৰে নগাঁও আৰক্ষীয়ে ৷ বুধবাৰে এক অভিযান চলাই অভিযুক্তগৰাকীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ বিগত ২৫ চেপ্তেম্বৰত ধিঙৰ ডুমুডুমীয়া লাঙিয়াৰ নবী হুছেইন নামৰ এগৰাকী লোকক দিন-দুপৰতে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল দুই দুৰ্বৃত্তই ৷ হুছেইনে কিশোৰী কন্যাক বিয়া দিবলৈ অমান্তি হোৱাৰ বাবেই সংঘটিত হৈছিল এই হত্যাকাণ্ড ৷ ব্যক্তিগৰাকীক গুলিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল আনাৰুল ইছলাম নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে ৷
পিষ্টলসহ আৰক্ষীৰ জালত হত্যাৰ অভিযুক্ত - 7.65 M M Pistol
নগাঁও আৰক্ষীৰ জালত ধিঙৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ৷ জব্দ সজীৱ গুলীসহ মাৰণাস্ত্ৰ ৷
![পিষ্টলসহ আৰক্ষীৰ জালত হত্যাৰ অভিযুক্ত One arrested with pistol in nagaon assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9084924-thumbnail-3x2-a.jpg)
নগাঁও আৰক্ষীৰ সফলতা
নগাঁও আৰক্ষীৰ সফলতা
ইফালে,ঘটনা সন্দৰ্ভত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত নগাঁও জিলা আৰক্ষী অধীক্ষক অভিজিৎ গুৰাব আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ তৎপৰতাত বুধবাৰে নগাঁও আৰক্ষীয়ে ধূপগুৰিৰ পৰা আটক কৰিবলৈ সক্ষম হয় হত্যাকাণ্ডটোৰ মূল অভিযুক্ত আনাৰুল ইছলামক ৷ ধৃত আনাৰুলৰ জিম্মাৰ পৰা আৰক্ষীয়ে এটা কাৰখানাত নিৰ্মিত পিষ্টলৰ লগতে 7.65 এম এম পিষ্টলৰ দুই জাই সজীৱ গুলীও উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
লগতে চাওকঃআহিনমহীয়া বানৰ কবলত ধেপাৰগাঁৱবাসী