জুৰীয়াৰ এচিড আক্ৰমণৰ ঘটনাত এজনক আটক - নগাওঁ
ধৃত অভিযুক্তটো বলিকটিয়াৰ আজিম উদ্দিন । জুৰীয়া আৰক্ষীয়ে বলিকটিয়াৰ পৰা আটক কৰে দুৰ্বৃত্তটোক।
জুৰীয়াৰ এচিড আক্ৰমণৰ এজনক আটক
নগাওঁ, 18 জুলাই: নগাঁৱৰ জুৰীয়াৰ এচিড আক্ৰমণৰ ঘটনাত জড়িতৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে অভিযুক্তক । ধৃত অভিযুক্তটো বলিকটিয়াৰ আজিম উদ্দিন । জুৰীয়া আৰক্ষীয়ে বলিকটিয়াৰ পৰা আটক কৰে দুৰ্বৃত্তটোক। সোমবাৰে নিশা পুঠিমাৰী গাৱঁত ঘৰত প্ৰৱেশ কৰি শোৱা পাটিতে তছলিমা খাতুন নামৰ মহিলা গৰাকীক এচিদ ঢালি আক্ৰমণ কৰিছিল । দুৰ্বৃত্তৰ আক্ৰমণত মহিলা গৰাকীৰ লগতে এটি শিশু আহত হৈ সংকট জনক অৱস্থাত নগাঁৱত চিকিৎসাধীন হৈ আছে ।