অসম

assam

ETV Bharat / state

জম্মু-কাশ্মীৰক লৈ বিতৰ্কিত প'ষ্ট শ্বেয়াৰ কৰি আৰক্ষীৰ আলহী এজন

অসমৰ নগাঁও জিলাত এগৰাকী ব্যক্তিয়ে বিগত কিছুদিনৰ পৰাই ফেচবুকত ভাৰত বিৰোধী মন্তব্য কৰি আহিছিল ৷ জয়ন্ত মণ্ডল নামৰ এগৰাকী ব্যক্তিৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰে ৷

By

Published : Aug 10, 2019, 11:04 AM IST

জম্মু-কাশ্মীৰক লৈ বিতৰ্কিত প'ষ্ট শ্বেয়াৰ কৰি আৰক্ষীৰ আলহী এজন

নগাঁৱ, 10 আগষ্টঃ জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষণা কৰাৰ পিচতে দেশৰ বিভিন্ন প্ৰান্তত পাকিস্তানৰ সপক্ষে আপত্তিজনক মন্তব্য প্ৰদান কৰি আহিছে বিভিন্ন লোকে ৷ শেহতীয়াকৈ অসমৰ নগাঁও জিলাৰ পৰা গ্ৰেপ্তাৰ হয় এগৰাকী লোক ৷ কংগ্ৰেছ দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হাচেন আলী নামৰ ব্যক্তিজনে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে মন্তব্য প্ৰদান কৰাৰ লগতে ফেচবুকত শ্বেয়াৰ কৰিছিল পাকিস্তান সমৰ্থিত বিভিন্ন আপত্তিজনক প'ষ্ট ৷ অৱশেষত ব্যক্তিজনৰ এই কাৰ্যৰ বিৰুদ্ধে নগাঁও আৰক্ষীত গোচৰ দিয়ে জয়ন্ত মণ্ডল নামৰ এগৰাকী লোকে ৷ জয়ন্ত মণ্ডলৰ অভিযোগৰ ভিত্তিতে ৰূপহীহাট আৰক্ষীয়ে হাচেন আলীক গ্ৰেপ্তাৰ কৰি সোধাপোচা অব্যাহত ৰাখিছে ৷

জম্মু-কাশ্মীৰক লৈ বিতৰ্কিত প'ষ্ট শ্বেয়াৰ কৰি আৰক্ষীৰ আলহী এজন

ABOUT THE AUTHOR

...view details