অসম

assam

কিশোৰী ধৰ্ষণৰ গোচৰত ৰঙাঘৰত সোমাল মুছফিকুৰ ৰহমান

By

Published : Aug 8, 2021, 8:10 PM IST

ৰূপহীহাট সংঘটিত হৈছে এক নিৰ্লজ্জ ঘটনা ৷ কিশোৰীক ধৰ্ষণ কৰি অৰ্ধ উলংগ অৱস্থাত পেলাই থৈ গ’ল এটা পৰিত্যক্ত গৃহত ৷ সম্প্ৰতি আৰক্ষীৰ জালত ধৰ্ষণৰ অভিযুক্ত ৷

rape
কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত মুছফিকুৰ ৰহমান

ৰূপহীহাট, 8 আগষ্ট : ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ধৰ্ষণ কাণ্ড ৷ ৰাজ্য চৰকাৰে এই সমূহ অপৰাধজনিত ঘটনা ৰাজ্যত নিৰ্মূল কৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী-প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰিছে ৷ কিন্তু তাৰ মাজতো ৰাজ্যত ক্ৰমাগতভাৱে ধৰ্ষণজনিত ঘটনা বৃদ্ধি পাবলৈ ধৰাত সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ পুনৰ তেনে এক ঘটনাই পোহৰলৈ আহিছে নগাঁও জিলাৰ ৰূপহীহাটত ৷

এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৰূপহীহাটৰ কাছখাইতিৰ মুছফিকুৰ ৰহমানৰ বিৰুদ্ধে ৷ ঘটনা অনুসৰি কাছখাইতিৰ মুছফিকুৰ ৰহমানে একে গাঁৱৰে এগৰাকী কিশোৰীক এটা জলসিঞ্চন বিভাগৰ পৰিত্যক্ত গৃহত নি ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কিশোৰী গৰাকীয়ে ৷ ইপিনে কিশোৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি ধৃত মুছফিকুৰ ৰহমানে ধৰ্ষণ কৰি অৰ্ধ উলংগ অৱস্থাত থৈ যোৱাৰ পাচত উদ্ধাৰ একাংশ স্থানীয় ৰাইজে ৷

কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত মুছফিকুৰ ৰহমান

কিশোৰী গৰাকীয়ে মুছফিকুৰ ৰহমানে ধৰ্ষণ কৰা কথা উল্লেখ কৰাৰ পাছতে কিশোৰী গৰাকীৰ পৰিয়ালৰ আগত ধৃত মুছফিকুৰে নিজেই ধৰ্ষণ কৰা বুলি স্বীকাৰ কৰিছে ৷ সম্প্ৰতি কিশোৰী গৰাকীৰ পৰিয়ালে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত কাৱৈমাৰী আৰক্ষী পহৰা চকীত ধৃত মুছফিকুৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷ আনহাতে উক্ত এজাহাৰৰ ভিত্তিতে মুছফিকুৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে কাৱৈমাৰী আৰক্ষীয়ে ৷

উল্লেখযোগ্য যে, কিছুদিন পূৰ্ৱে নগাঁৱৰে কাষৰীয়া জিলা মৰিগাঁৱত সংঘটিত এক ধৰ্ষণ কাণ্ডই ৰাজ্য কঁপাই গৈছিল ৷ ঘটনা অনুসৰি চৰাই পোৱালিক খুৱাবৰ বাবে জামু বুটলিবলৈ গৈছিল নাবালিকা গৰাকী । তাৰপাছতেই পাঠা নামৰ এগৰাকী বৃ্দ্ধই কণমানি গৰাকীক ফুচুলাই নি মৰাপাটৰ খেতিৰ মাজত নি যৌন নিৰ্যাতন চলাই হত্যা কৰিছিল । আৰক্ষীয়ে তদন্ত কৰাৰ পাছতে জালত পৰিছিল উক্ত ঘটনা সংঘটিত কৰা মূল অপৰাধী পাঠা ৷

লগতে পঢ়ক :লক্ষাধিক টকাসহ গ্ৰেপ্তাৰ বনকৰা মহিলা

ABOUT THE AUTHOR

...view details