বটদ্ৰৱা, 29 মে’ :এতিয়াও মাৰ যোৱা নাই বটদ্ৰৱা কাণ্ডৰ উত্তেজনা (Batadrava police station incident)৷ এজন এজনকৈ নগাঁও আৰক্ষীৰ জালত পৰিছে বটদ্ৰৱা কাণ্ডৰ লগত জড়িত কেইবাটাও অভিযুক্ত ৷ নগাঁৱৰ বটদ্ৰৱা থানা জ্বলাই দিয়া (Batadrava Police Station Fire Case) ঘটনাৰ জড়িত আন এক মাষ্টাৰ মাইণ্ডক দেওবাৰে আটক কৰে নগাঁও আৰক্ষীয়ে ।
বটদ্ৰৱা কাণ্ডৰ এই মাষ্টাৰ মাইণ্ডটো হৈছে আশ্বিকুল ইছলাম ৷ উক্ত ঘটনা সংঘটিত হোৱাৰ দিনা ৰঙা টি-চাৰ্ট পৰিধান কৰা আশ্বিকুল ইছলামেই থানা জ্বলাই দিয়াৰ বাবে একাংশ ৰাইজক উচটনি দিছিল ৷ যি দৃশ্য বন্দী হৈছিল কেমেৰাত (Batadrava violenece updates)। অৱশ্যে এই ঘটনাৰ পিছৰ পৰাই পলাতক হৈ আছিল মূল অভিযুক্ত আশ্বিকুল ইছলাম ।
ধৃত আশ্বিকুল ইছলামৰ ঘৰ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সোনাইবেৰা গাঁৱত বুলি জানিব পৰা গৈছে ।