নগাঁও,4 নৱেম্বৰঃ নগাঁও জিলাৰৰূপহীহাট সমষ্টিত সূহৃদ আঁচনিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় জনতা দলৰ কৰ্মকৰ্তাই । দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সুহৃদ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক স্বজন তোষণ হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।
সমষ্টিটোত ছাত্ৰ ছাত্ৰীৰ জলপানিৰ বিপৰীতে আৱন্টিত হ’বলগীয়া সূহৃদ আঁচনিৰ ধন প্ৰদানৰ ক্ষেত্ৰত বিধায়ক নুৰুল হুদাৰ একাংশ ঘনিষ্ঠ লোকক বাছনি কৰা ঘটনাই সমষ্টিটোত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। খোদ কংগ্ৰেছৰ এটা মহলতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা সুহৃদ আঁচনিৰ কেলেংকাৰীক লৈ শেহতীয়াকৈ সৰৱ হৈ পৰিছে বিজেপিৰ নেতা কৰ্মী।
নিজ সমষ্টিতে জ্বলিল বিধায়ক নুৰুল হুদাৰ প্ৰতিকৃতি বিজেপিৰ কৰ্মকৰ্তা সকলে সৃহৃদ আঁচনিৰ কেলেংকাৰীত বিধায়ক নুৰুল হুদা প্ৰত্যক্ষ ভাৱে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ৰূপহীহাট বজাৰত দাহ কৰে বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্তি।
উল্লেখযোগ্য যে, ছাত্ৰ ছাত্ৰীক বঞ্চিত কৰি বিধায়ক নুৰুল হুদাৰ পৃষ্ঠপোষকতাত যুৱ কংগ্ৰেছৰ নেতা কৰ্মীক গুৰুত্ব প্ৰদান কৰাৰো অভিযোগ উঠিছে। ইয়াৰোপৰি বিধায়ক নুৰুল হুদাৰ অতি ঘনিষ্ঠ এগৰাকী প্ৰৱক্তাৰ পত্নী আৰু ভাই বোৱাৰীৰ নামতো ধন আৱন্টন দিয়াকলৈও সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। তদুপৰি একাংশ হিতাধিকাৰীৰ অজ্ঞাতে ভূৱা বেংকৰ পাছবুকতৈ আঁচনিৰ ধন মোকলাই দিয়াৰো বিষ্ফোৰক অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ যুক্তৰাষ্ট্ৰত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী আক্ৰমণৰ ভাবুকি