অসম

assam

By

Published : Jul 13, 2021, 7:44 PM IST

ETV Bharat / state

ভুল চিকিৎসাৰ অভিযোগ : পুনৰ বিতৰ্কত ডাঃ ছফিকুল ইছলাম

চিকিৎসা সেৱাৰ নামত ব্যৱসায়ৰ অভিযোগ নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে ৷ চিকিৎসালয়খনৰ স্বত্বাধিকাৰী ডাঃ ছফিকুল ইছলামৰ বিৰুদ্ধে ভুল চিকিৎসা প্ৰদানৰ অভিযোগ । দুটাকৈ অস্ত্ৰোপচাৰৰ পিছতো মহিলাৰ পেটত থাকি গ'ল পাথৰ ৷

nursing-home-in-nagaon-making-controversy-for-wrong-treatment
ভুৱা চিকিৎসাঃ পুনৰ বিতৰ্কত ডাঃ ছফিকুল ইছলাম

নগাঁও, 13 জুলাই : পৱিত্ৰ চিকিৎসা সেৱাক সম্পূৰ্ণৰূপে ব্যৱসায়লৈ পৰিণত কৰাৰ অভিযোগ উত্থাপন হৈছে একাংশ ব্যক্তিগত নাৰ্ছিং হোম আৰু চিকিৎসকৰ বিৰুদ্ধে । ৰাজ্যজুৰি একাংশ ব্যক্তিগত নাৰ্ছিং হোম(nursing home)ৰ মইমতালিৰ বাতৰি বাৰম্বাৰ সম্প্ৰচাৰ হৈ থকাৰ পিছতো ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে বিয়াগোম স্বাস্থ্য বিভাগৰ বিৰুদ্ধে । এইবেলি পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে নগাঁৱৰ এ জে হস্পিতেল আৰু ইয়াৰ স্বত্বাধিকাৰী ডাঃ ছফিকুল ইছলাম ।

এগৰাকী মহিলাক ভুল চিকিৎসা কৰাৰ অভিযোগ উঠিছে চিকিৎসক ছফিকুল ইছলামৰ বিৰুদ্ধে ৷ বটদ্ৰৱাৰ আব্দুল ছেলিম নামৰ লোকজনৰ পত্নী ইয়াজুন নেহাক তীব্ৰ পেটৰ বিষত ভুগি থকাত যোৱা ৬ এপ্ৰিলত ভৰ্তি কৰোৱা হয় নগাঁও চহৰৰ মৰিকলঙত অৱস্থিত এ জে হস্পিতাল এণ্ড ৰিচার্জ চেণ্টাৰত(AJ hospital and research center) ৷ চিকিৎসক ডাঃ ছফিকুল ইছলামে মহিলাগৰাকীৰ গ’ল্ড ব্লাডাৰত পাথৰ(gallbladder stone) থকা বুলি জনাই পিছদিনা সম্পন্ন কৰে অস্ত্ৰোপচাৰ । অস্ত্ৰোপচাৰ সম্পন্ন কৰি ঘৰলৈ উভতি যোৱাৰ পিছতেই পুনৰ পেটৰ বিষত ভোগে মহিলাগৰাকীয়ে ।

ভুৱা চিকিৎসাঃ পুনৰ বিতৰ্কত ডাঃ ছফিকুল ইছলাম

পৰৱৰ্তী সময়ত ১৮ এপ্ৰিলত পুনৰ একেখন নাৰ্ছিং হোমত ভৰ্তি কৰোৱাই মহিলাগৰাকীক দ্বিতীয়বাৰৰ বাবে সম্পন্ন কৰে গ’ল্ড ব্লাডাৰৰ অস্ত্ৰোপচাৰ । দুটাকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতো পুনৰ মহিলাগৰাকীয়ে পেটৰ বিষ অনুভৱ কৰাত ডাঃ ছফিকুল ইছলামৰ ওপৰত থকা বিশ্বাস হেৰুৱাই মহিলাগৰাকীৰ পৰিয়ালৰ লোকে ।

যাৰ বাবে নগাঁৱৰ এখন ব্যক্তিগত লেবেৰটেৰীত পুনৰ পৰীক্ষা কৰাত মহিলাগৰাকীৰ পেটত পাথৰ থকা বুলি নিশ্চিত হয় পৰিয়ালৰ লোক । লক্ষাধিক টকা খৰচ কৰি একেটা ৰোগতে দুটাকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ পিছতো গ’ল্ড ব্লাডাৰত পাথৰ থাকি যোৱা কাৰ্যই এতিয়া হতচকিত কৰি তুলিছে ভুক্তভোগী মহিলাগৰাকীৰ লগতে চহৰখনৰ সচেতন মহলক । সম্প্ৰতি বিষয়টোৰ ওপৰত তদন্ত আৰু ন্যায় বিচাৰি মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে লিখিত আবেদন ।

উল্লেখ্য যে, পূৰ্বতেও ভুল চিকিৎসা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল চিকিৎসক ছফিকুল ইছলাম ৷ তাৰোপৰি এনে অভিযোগ নগাঁও তথা ৰাজ্যত এয়াই প্ৰথম নহয়, একাংশ ব্যক্তিগত নাৰ্ছিং হোমৰ চিকিৎসকৰ বিৰুদ্ধে প্ৰায়েই উত্থাপন হয় এনে বহু অভিযোগ । ব্যক্তিগত নাৰ্ছিং হোমৰ একাংশ চিকিৎসকে কেৱল ধনৰ লালসাতেই এনে কাণ্ড সংঘটিত কৰে বুলিও উত্থাপিত হৈ আহিছে অভিযোগ ৷ এতিয়া, ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগে এই ধৰণৰ কাৰ্যক কেনেদৰে নিয়ন্ত্ৰণ কৰে সেইয়া নিশ্চয়কৈ লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক :মহিলাক অশালীন ব্যৱহাৰ কৰি ৰাইজৰ ৰোষত আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰৰ কৰ্মচাৰী

ABOUT THE AUTHOR

...view details