নগাঁও,2আগষ্ট: প্ৰবল বানে ৰাজ্যবাসীৰ জীৱন দুৰ্বিষহ কৰি তোলাৰ পিছত এইবাৰ ৰাজ্যত আৰ্ৱিভাব হৈছে জাপানীজ এনকেফ্লাইটিছৰ ৷ বানাক্ৰান্ত অঞ্চলবোৰত ৰোগবিধৰ সাংঘাতিক প্ৰাৰ্দুভাব পৰিলক্ষিত হৈছে ৷ সম্প্ৰতি নগাওঁ জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে ৰোগবিধত আক্ৰান্তৰ সংখ্যা(Japanese encephalitis cases in Nagaon has increased) ।
বানে ধোৱা নগাওঁত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে জাপানীজ এনকেফ্লাইটিছত আক্ৰান্তৰ সংখ্যা ৷ এই পৰ্যন্ত জিলাখনত জাপানীজ এনকেফ্লাইটিছ ৰোগত মৃত্যু হৈছে এটি শিশুসহ ৮ জন লোকৰ ৷ জিলা স্বাস্থ্য বিভাগে সদৰি কৰা তথ্য অনুসৰি জুন মাহৰ পৰা বৰ্তমানলৈকে এই ৰোগত ৮ শিশুসহ মুঠ ৪৭ জন লোক আক্ৰান্ত হৈছে ৷ চিকিৎসাধীন অৱস্থাত আছে ১৯ জন ৰোগী ৷ চিকিৎসাধীন ৰোগীৰ ভিতৰত আছে ৪ টিকৈ শিশু ৷