কলিয়াবৰ,21 এপ্ৰিল :সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ মঙলবাৰৰ দিনটো নগাঁৱৰ কলিয়াবৰত ক'ভিড আক্ৰান্তৰ সংখ্যা 22 জনলৈ বৃদ্ধি পায় ৷ শেহতীয়াভাৱে কলিয়াবৰত 19 গৰাকী লোক ক'ভিড আক্ৰান্ত হোৱাৰ পাচতে মঙলবাৰে পুনৰ 4 গৰাকী লোকৰ দেহত ধৰা পৰে ক'ৰণাৰ উপস্থিতি ৷
কলকাতাৰ পৰা শিলঘাটলৈ ৰে'ল যোগে অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাত ধৰা পৰে ক'ৰণাৰ উপস্থিতি ৷ একেখন ৰে'লতে অহা 3 গৰাকী লোক আক্ৰান্ত হোৱাত আটাইকেইজনকে স্বাস্থ্য বিভাগে হোম আইচ'লেচনত ৰখাৰ ব্যৱস্থা কৰিছে ৷ আক্ৰান্ত হোৱা লোক কেইজন হ'ল ৱাহিদুৰ ইছলাম, বিহাৰৰ পৱন ৰায় আৰু ঝাৰখণ্ডৰ সুনন্দা কুমাৰী ৷ ইয়াৰে পৱন ৰায় আৰু সুনন্দা কুমাৰী সীমা সশস্ত্ৰ বলত যোগদান কৰাৰ উদ্দেশ্য তেজপুৰলৈ অহাৰ সময়তে আক্ৰান্ত হয় ৷