নগাঁও,৭ জুলাই :সমগ্ৰ ৰাজ্য কঁপোৱা নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ (Kirtikamal Bora fake encounter) ঘটনাক লৈ পুনৰ উত্তাল হৈছে নগাঁও । শেহতীয়াকৈ তদন্তকাৰী সংস্থা চিআইডিয়ে কীৰ্তিকমল বৰাক দোষ মুক্ত বুলি ঘোষণা কৰাৰ পাছতে পুনৰ অসম আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল বিভিন্ন দল-সংগঠন । সেই সময়ৰ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তদন্তৰ আওতালৈ আনিব লাগে বুলিও বিভিন্ন সংগঠনে ইতিমধ্যে দাবী জনাইছে ।
উল্লেখ্য যে চলিত বৰ্ষৰ ২২ জানুৱাৰীত নগাঁৱৰ কচলুখোৱাত সংঘটিত হৈছিল ভয়ংকৰ ঘটনাটো । অসম আৰক্ষীৰ এনকাউণ্টাৰৰ বলি হৈ আজিও ঘূণীয়া হৈ আছে শিক্ষিত যুৱক তথা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰা । কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰক লৈ ইতিমধ্যেই আয়ুক্ত পৰ্যায়ৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত অপৰাধ অনুসন্ধান শাখা চমুকৈ চি আই ডিয়েও (CID) সম্পূৰ্ণ কৰিছে অনুসন্ধান ।
চিআইডিৰ অনুসন্ধানৰ অন্তত পূৰ্বৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রই ড্ৰাগছৰ সৈতে জড়িত থকাৰ বদনাম জাপি দিব বিচৰা কীৰ্তিকমল বৰা দোষ মুক্ত হ'ল (CID report on Kirtikamal Bora encounter)। এক কথাত সম্পূৰ্ণ দোষ মুক্ত হ'ল আৰক্ষীৰ গুলীত ঘূণীয়া হোৱা কীৰ্তিকমল বৰা । ইয়াৰ বিপৰীতে কীৰ্তিকমল বৰাক গুলীওৱাৰ ঘটনাত জড়িত এছ আই প্ৰদীপ বনিয়াৰ বিৰুদ্ধেও আদালতত অভিযোগনামা দাখিল কৰিলে চিআইডিয়ে । চিআইডিয়ে আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পিছতেই ৰাজ্যজুৰি পুনৰ চৰ্চা লাভ কৰে কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ প্ৰসংগই ।