বঢ়মপুৰ, ২৩ আগষ্ট: নগাঁৱৰ কন্দলি পাহাৰক পুনৰ সেউজীয়া কৰি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে নুমলীগড় ৰিফাইনেৰী লিমিটেডে । কন্দলি পাহাৰত বনানীকৰণৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই । সোমবাৰে নুমলীগড় ৰিফাইনেৰী আৰু বন বিভাগৰ নগাঁও সংমণ্ডলৰ মাজত বনানীকৰণ আঁচনিৰ এক চুক্তি স্বাক্ষৰিত হয় ৷ এই চুক্তি অনুসৰি, ১৮ টাকৈ বন্যহস্তী মৃত্যু হোৱা কন্দলি পাহাৰৰ ৩৫ হেক্টৰ মাটিত কৰিব বনানীকৰণ কৰিব ৰিফাইনেৰী লিমিটেডে ।
এই আঁচনিৰ জৰিয়তে ১,৯৭,১১,৫৫৭ টকা ব্যয়ৰে কন্দলি পাহাৰত বনানীকৰণ কাৰ্যসূচী আৰম্ভ কৰা হ'ব । হাতী নিৰীক্ষণ গৃহ, পথ আদিও নিৰ্মাণ কৰা হ'ব ৷ সোমবাৰে বুজাবুজি চুক্তি স্বাক্ষৰ কাৰ্যসূচীত উপস্থিত থাকে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, এন আৰ এলৰ মুখ্য প্ৰৱন্ধক ধীৰেণ সন্ধিকৈ, এন আৰ এলৰ প্ৰৱন্ধক বিমলেশ গুপ্তা, সাধাৰণ প্ৰৱন্ধক অলক নাথৰ লগতে স্থানীয় একাংশ লোক । উল্লেখ্য যে, এই বনানীকৰণৰ জৰিয়তে হাতী-মানুহৰ সংঘাত ৰোধ হ'ব বুলি নগাঁও বন সংমণ্ডল বিষয়াই আশা প্ৰকাশ কৰে ৷