অসম

assam

ETV Bharat / state

কামপুৰৰ এন আৰ চি সেৱা কেন্দ্ৰত চুৰিকাণ্ড

কামপুৰ দেৱনাৰিকলি গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা, এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়ত নিজৰ নথি পত্ৰ খেলিমেলি হৈ থকাৰ বাবে এনে কাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ ৷

এন আৰ চি সেৱা কেন্দ্ৰত চুৰি

By

Published : Aug 8, 2019, 3:44 PM IST

নগাঁও, 08 আগষ্টঃ কামপুৰ দেৱনাৰিকলি গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰত বুধবাৰে নিশা সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা ৷ দুৱাৰ ভাঙি কেন্দ্ৰটোত প্ৰৱেশ কৰি এটা জেনেৰেট, দুখন ফেন, এটা কম্পিউটাৰ মনিটৰ চোৰ কৰি নিয়ে দলটোৱে ৷ইয়াৰোপৰি দুটাকৈ আলমিৰা ভাঙি লণ্ডভণ্ড কৰে এন আৰ চিৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ ৷ এন আৰ চি চূড়ান্ত খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়ত নিজৰ নথি পত্ৰ খেলিমেলি থকাৰ বাবে এনে কাণ্ড সংঘটিত কৰাৰ সন্দেহ ৷ ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া ৷

এন আৰ চি সেৱা কেন্দ্ৰত চুৰি

ABOUT THE AUTHOR

...view details