অসম

assam

ETV Bharat / state

মুক্তিযোদ্ধাৰ পৰিয়াল বিদেশী!

নগাঁৱত মুক্তিযোদ্ধাৰ পৰিয়াললৈ আহিল এন আৰ চিৰ জাননী । প্ৰয়াত মুক্তিযোদ্ধা মৃত্যুঞ্জয়ৰ নায়ক মহাদানন্দ দেৱ গোস্বামীৰ জীয়ৰীলৈ আহিল এন আৰ চিৰ জাননী । ঘটনাৰ ফলত সমগ্ৰ অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি ।

নগাঁৱত মুক্তিযোদ্ধাৰ পৰিয়াললৈ আহিল এন আৰ চিৰ জাননী

By

Published : May 14, 2019, 8:21 PM IST

Updated : May 14, 2019, 8:54 PM IST

মৰিগাঁও,১৪ মে' : এইবাৰ মুক্তিযোদ্ধাৰ পৰিয়াললৈ আহিছে এন আৰ চি ৰ জাননী । এই ঘটনাই সমগ্ৰ অঞ্চলতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । প্ৰয়াত মুক্তিযোদ্ধা মৃত্যুঞ্জয়ৰ নায়ক মহাদানন্দ দেৱ গোস্বামীৰ পৰিয়ালৰ জীয়ৰী বুলোমাই গোস্বামীলৈ আহে এন আৰ চিৰ জাননী । উল্লেখ্য যে,মৰিগাঁও জিলাৰ মায়ং প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বিলিমৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী বুলুমাই গোস্বামী । যোৱা ৯ মে' দিনা জাননী যোগে ১৬ মে' তাৰিখে নগাঁও উপায়ুক্ত কাৰ্যালয়ত বুলুমাই আৰু তেঁওৰ চাৰিগৰাকীক ভগ্নীক হাজিৰ হ'বৰ বাবে নিৰ্দেশ প্ৰদান কৰে এন আৰ চি কৰ্তৃপক্ষই । জানিব পৰা মতে, বিকাশ জ্যোতি বৰদলৈ নামৰ এজন ব্যক্তিৰ নেতৃত্বত উত্থাপিত হৈছে এই অভিযোগনামা । সম্প্ৰতি এই কাণ্ডকলৈ মানসিকভাৱে ভাগি পৰিছে মুক্তিযোদ্ধা গৰাকীৰ কন্যা কেইগৰাকী । লগতে এই সন্দৰ্ভত অভিযোগকাৰীৰ ওপৰত মানহানি গোচৰ তৰিব বুলি জনাইছে বুলুমাই গোস্বামীয়ে ।

নগাঁৱত মুক্তিযোদ্ধাৰ পৰিয়াললৈ আহিল এন আৰ চিৰ জাননী

ইফালে বিকাশ বৰদলৈ নামৰ এই লোকজনেই অনুসূচীত জাতি উন্নয়ন নিগমৰ উপাধ্যক্ষ মৰিগাঁও জিলা পৰিষদৰ প্ৰাক্তন সদস্য স্বপন মণ্ডলৰ পৰিয়ালৰ বিৰুদ্ধেও আপত্তি দাখিল কৰিছে । প্ৰকৃত খিলঞ্জীয়া লোকসকলক কি ভাবি এনেদৰে জাননী প্ৰেৰণ কৰিছে সেয়া এতিয়া ৰহস্যময় হৈ আছে সাধাৰণ ৰাইজৰ বাবে । অৱশ্যে ঠিকনাবিহীন ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অনাগত দিনত লক্ষণীয় হ'ব ।

Last Updated : May 14, 2019, 8:54 PM IST

ABOUT THE AUTHOR

...view details