অসম

assam

ETV Bharat / state

Rajen Gohain: মই এতিয়া মুক্ত; দিল্লীৰ পৰা আহি ক’লে ৰাজেন গোহাঁইয়ে - Himanta Biswa Sarma

মই মুক্ত, এনেও মই বান্ধোনত থাকিব নোৱাৰোঁ । দিল্লীত দলীয় নেতৃত্বক মই মনৰ কথাখিনি কৈছোঁ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নগাঁও লোকসভা সমষ্টিৰ ৰাইজক দুৰ্ঘোৰ অন্যায় কৰা হৈছে । দিল্লীৰ পৰা উভতি আহি নগাঁৱত মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ ।

Rajen Gohain
Rajen Gohain

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 4:04 PM IST

দিল্লীৰ পৰা উভতি আহি নগাঁৱত প্ৰতিক্ৰিয়া ৰাজেন গোহাঁইৰ

নগাঁও, 30 আগষ্ট: ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক নেতৃত্বৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰি দিল্লীত উপস্থিত হৈ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰি নগাঁৱত উপস্থিত হোৱা ৰাজেন গোহাঁয়ে সংবাদ মাধ্যমৰ সন্মুখত পুনৰ কৰিলে বহুকেইটা মন্তব্য । বুধবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

ৰাজেন গোহাঁইৰ মন্তব্য, ‘‘মই এতিয়া মুক্ত, মই দলৰ পৰা একো বিচৰাও নাই ৷ মই কোনো বান্ধোনত থাকি ভাল নাপাওঁ । দিল্লীত গৈ মোৰ ক’ব লগা খিনি কৈছোঁ । ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাক সাক্ষাৎ কৰি তেওঁকো মই মনৰ কথা খিনি কৈছো ।’’

তেওঁ আৰু কয়, ‘‘আমাৰ যি আদৰ্শ আছে, যি আদৰ্শ লৈ আমি দলত অন্তৰ্ভুক্ত হৈছিলো আৰু যি আদৰ্শক আমি সৰোগত কৰি লৈছিলো সেই আদর্শ আমি জীয়াই থকাটো বিচাৰো ।’’

দলৰ নেতৃত্বই ভাল সিদ্ধান্ত ল’ব বুলি আশাবাদী ৰাজেন গোহাঁই ৷ গোহাঁইৰ মন্তব্য, ‘‘দলৰ নেতৃত্বই বুজিব বুলি মোৰ বিশ্বাস আছে । মোৰ কোৱাখিনি কৈ আহিলো, এতিয়া দলে বুজে-নুবুজে তেওঁ লোকৰ কথা ৷ দলৰ শীৰ্ষ নেতৃত্বত যিহেতু বহুত গুণী জ্ঞানী লোক আছে ৷’’

দলটোৰ ক্ষতি হোৱাটো নিবিচাৰে বুলিও উল্লেখ কৰি ৰাজেন গোহাঁইয়ে ৷ তেওঁ কয় যে বিজেপি দল ক্ষতি হ’বলৈ গৈ আছে । সেয়ে দলটো সুৰক্ষিত কৰি ৰাখিবলৈ দলীয় নেতৃত্বক পৰামৰ্শও আগবঢ়ায় ৰাজেন গোহাঁয়ে । দলটো পুনৰ উদ্ধাৰ নহ’ব বুলিও ধাৰণা কৰে ৰাজেন গোহাঁয়ে ।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে নগাঁওবাসীৰ লগতে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত হিন্দু সমাজৰ প্ৰতি দুৰ্ঘোৰ অন্যায় কৰা হৈছে বুলিও মন্তব্য কৰে ৰাজেন গোহাঁইয়ে । অন্তৰত বহুত দুখ থকাৰ কথাও উল্লেখ কৰি স্পষ্টকৈ দুখৰ কথা সংবাদ মাধ্যমৰ সন্মুখত ক’ব বিচৰা নাই ৰাজেন গোহাঁইয়ে ।

অৱশ্যে প্ৰাক্তন সাংসদগৰাকীৰ চিন্তা ধাৰাৰ কোনো দাম নাই বুলিও আক্ষেপ প্ৰকাশ কৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷ নিজৰ সন্তানক প্ৰতিষ্ঠিত কৰাৰ বাবে কাৰো ভৰিত ধৰিব যোৱা নাই বুলিও মন্তব্য কৰে ৰাজেন গোহাঁয়ে ৷

দিল্লীত উপস্থিত হৈ দলৰ শীৰ্ষ নেতৃত্বক মনৰ দুখ-বেদনা অৱগত কৰাৰ পিছত এতিয়া দলত ৰাজেন গোহাঁইৰ গুৰুত্ব বৃদ্ধি পায় নে হ্ৰাস পায় সেয়া অৱশ্যে পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক:INDIA Alliance Mumbai Meet : ইণ্ডিয়া মিত্ৰজোঁটৰ মুম্বাই বৈঠক; এখন পতাকা, এটা প্ৰতীকৰ ওপৰত কৰিব আলোচনা

ABOUT THE AUTHOR

...view details