অসম

assam

ETV Bharat / state

নগাঁৱত পুনৰ এনকাউণ্টাৰ; আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত - নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ এনকাউণ্টাৰ

নগাঁৱৰ ৰূপহীহাটত আৰক্ষীৰ এনকাউণ্টাৰ ৷ আৰক্ষীৰ গুলীত আহত কুখ্যাত অপৰাধী ওমৰ ফাৰুক ৷ নিশা আটক কৰাৰ পাচত পলায়নৰ চেষ্টা কৰোতে গুলীবিদ্ধ হয় ফাৰুক ৷ গুলীবিদ্ধ ওমৰ ফাৰুকক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি । ফাৰুকৰ পৰা আৰক্ষীয়ে সজীৱ গুলীসহ এটা মাৰণাস্ত্ৰ উদ্ধাৰ কৰে ৷ বহুকেইটা অপৰাধজনিত ঘটনাত জড়িত আছিল ফাৰুক ।

Notorious Criminal Injured in Police Firing
নগাঁৱত পুনৰ এনকাউণ্টাৰ

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 9:57 AM IST

নগাঁও, ৬ ডিচেম্বৰ: নগাঁৱত পুনৰ গৰজি উঠিল আৰক্ষীৰ বন্দুক । নগাঁও আৰক্ষীৰ গুলীত আহত হয় এটা কুখ্যাত ডকাইত । মঙলবাৰৰ শেষনিশা প্ৰায় আঢ়ৈ বজাত এটা ডকাইতৰ সন্ধানত অভিযান চলোৱাৰ সময়তে সংঘটিত হয় এই গুলীচালনাৰ ঘটনা । এক গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ এটা দলে ৰূপহীহাটৰ বেল'গুৰিত নিশা চলায় অভিযান । অভিযানত আৰক্ষীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় এটা কুখ্যাত ডকাইতক ।

আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত

ৰূপহীহাটৰ দক্ষিণ খাটোৱালৰ ওমৰ ফাৰুক নামৰ কুখ্যাত ডকাইতটোক আটক কৰাৰ সময়তে আৰক্ষীৰ দলটোক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে কুখ্যাত অপৰাধীটো । লগে লগে আৰক্ষীৰ দলটোৱে গুলীচালনা কৰিবলৈ বাধ্য হয় । আৰক্ষীৰ দলটোৱে গুলীচালনা কৰাৰ ফলত ওমৰ ফাৰুকৰ দুয়ো ভৰি গুলীবিদ্ধ হয় । পিচত কুখ্যাত ডকাইত ওমৰ ফাৰুকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ।

গুলীবিদ্ধ ওমৰ ফাৰুকক নিশাই নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় যদিও পুৱতি নিশাই উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ । ধৃত ওমৰ ফাৰুকৰ পৰা আৰক্ষীয়ে সজীৱ গুলীসহ এটা মাৰণাস্ত্ৰ উদ্ধাৰ কৰা বুলিও জানিব পৰা গৈছে ।

আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত

উল্লেখ্য যে, ধৃত ওমৰ ফাৰুকৰ বিৰুদ্ধে নগাঁৱৰ ৰূপহীহাট আৰক্ষী থানাত 435/23 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 120(B)/326/307 I.P.C R/W sec 25(1-A)/27 Arms Act,1959 অধীনত এক গোচৰ ৰুজু হৈ আছে । কেৱল এটাই নহয় পূৰ্বেও কেইবাবাৰো আৰক্ষীৰ জালত পৰা কুখ্যাত অপৰাধী ওমৰ ফাৰুকৰ বিৰুদ্ধে নগাঁৱৰ বিভিন্ন আৰক্ষী থানাত বহু অপৰাধৰ গোচৰ ৰুজু হৈ থকা বুলিও এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।

লগতে পঢ়ক:Nagaon police encounter : ৰূপহীহাটত আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া ৰমিজুল

ABOUT THE AUTHOR

...view details