কলিয়াবৰ, 11 ছেপ্তেম্বৰ:ভদীয়া বানৰ কৱলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানমুক্ত হোৱাৰ পাছতেই ক্ৰমাৎ ন-ৰূপ পাবলৈ ধৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্যই । মুক্ত-মনে বিচৰণ কৰিছে কাজিৰঙাৰ জীৱ কুলে ।
এশিঙীয়া গঁড় আৰু বনৰীয়া ম'হে একেলগে একেস্থানতে খাদ্যৰ সন্ধান কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষ পাইছেহি । বানপানীৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুক্ত হোৱাৰ পাছতেই জীৱ-কূলৰ মাজলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ দেওচুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষত বন্য জন্তুৰ বিচৰণে উজনি-নামনিমুখী পথাচাৰীক আকৰ্ষিত কৰিছে । ব্যতিক্ৰম নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কলিয়াবৰৰ দেওচুৰৰ ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নান্দনিক দৃশ্যই মুগ্ধ কৰিছে দৰ্শনাৰ্থীক লগতে পঢ়কঃ নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰিমিতা দাসৰ প্ৰতি মৰাণত শ্ৰদ্ধাঞ্জলি AJYCP ৰ
দেওচুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে একেলগে খাদ্য গ্ৰহণ কৰিছে গঁড় আৰু ম'হে । উদ্যানখনৰ দুই গুৰুত্বপূৰ্ণ আকৰ্ষণীয় জন্তুৱে খাদ্য গ্ৰহণ কৰাৰ নান্দনিক দৃশ্য ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যোৱা যাত্ৰী সকলে গাড়ী ৰখাই কিছু সময় উপভোগ কৰিছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নান্দনিক দৃশ্যই মুগ্ধ কৰিছে দৰ্শনাৰ্থীক ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে মুক্ত মনে জীৱ-জন্তুয়ে বিচৰণ কৰি থকাৰ দৃশ্য নিচেই কাষৰ পৰা প্ৰত্যক্ষ কৰি আনন্দত মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গ'ল যাত্ৰী সকলক ।
উল্লেখযোগ্য যে, বানৰ সময়ত নিৰাপদ স্থান বিচাৰি কাৰ্বি পাহাৰলৈ ঢাপলি মেলা বন্য-জন্তুয়ে বানমুক্ত হোৱাৰ লগে লগে পুনৰ ৰাষ্ট্ৰীয় উদ্যানখনলৈ উভতি আহিছে । বন্য-জন্তুৰ অৱস্থিতিয়ে পুনৰ ৰাষ্ট্ৰীয় উদ্যানখনক পূৰ্বৰ সেই একেই মাত্ৰা প্ৰদান কৰিছে ।
লগতে পঢ়কঃ আচাৰ্য জগদীশ মুখীয়ে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিলে ডিগ্ৰী