নগাঁও, 21 জুন :শোকস্তব্ধ নগাঁও ৷ অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলে দুই আৰক্ষীক ৷ নগাঁও পুলিচ ৰিজাৰ্ভত (Nogaon police reserve) সমুজ্জ্বল আৰু ৰাজীৱক শেষ শ্ৰদ্ধাঞ্জলি জনালে নগাঁও আৰক্ষীয়ে (Nogaon police pay tribute to Samujjal and Rajiv)৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰ ৰূপ লোৱাৰ সময়তে নগাঁৱৰ কামপুৰত দেওবাৰে নিশা সংঘটিত হৈছিল এক কৰুণ ঘটনা ৷ নিশা প্ৰায় 1 মান বজাত বানাক্ৰান্তক উদ্ধাৰ কৰিবলৈ গৈ ভগা কালভাৰ্টত সোমাই কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হয় কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতিৰ লগতে ইউ বি কনিষ্টবল ৰাজীৱ বৰদলৈয়ে (Police person died at Kampur) ।
লগে লগে দুয়োগৰাকী আৰক্ষীক বিচাৰি অভিযান আৰম্ভ কৰে এছ ডি আৰ এফে । নিশা প্ৰায় ডেৰ মান বজাত আৰক্ষী জোৱান ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ হয় যদিও পুৱা পৰ্যন্ত কোনো সন্ধান নোলায় আৰক্ষী বিষয়াগৰাকীৰ । সোমবাৰে পুৱা 8.30 মান বজাত উদ্ধাৰ হয় আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ ।