অসম

assam

By

Published : Jun 22, 2019, 10:03 PM IST

ETV Bharat / state

নগাঁও এনএছইউআইত সংঘাত !

জিলা সভাপতিক উপেক্ষা কৰি অনুষ্ঠানৰ আয়োজন এটা লবীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আন এটা লবী। এনএছইউআইত সৃষ্টি কৰা সংঘাতৰ আঁৰত এগৰাকী প্ৰভাৱশালী নেতা জড়িত থকাৰ অভিযোগ।

তুংগত উঠিছে নগাওঁ জিলা এনএছইউআইৰ সংঘাত

নগাওঁ, 22 জুন: লবীকেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে কংগ্ৰেছৰ ভাতৃ সংগঠন এনএছইউআইৰ নগাওঁ জিলা সমিতিত। বিগত বৰ্ষৰ দৰে এইবাৰো কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এনএছইউআইৰ জিলা সভাপতিৰ নেতৃত্বত চলি আছিল ব্যাপক প্ৰস্তুতি। তেনে সময়তে সভাপতিক উপেক্ষা কৰি উপ-সভাপতিৰ নেতৃত্বত আন এটা লবীয়ে যুৱ কংগ্ৰেছৰ সহযোগত পৃথক কৈ প্ৰস্তুতি চলাইছে আন এটা সম্বৰ্ধনা অনুষ্ঠানৰ । একেটা সংগঠনে পৃথকে পৃথকে অনুষ্ঠানৰ বাবে কৰা প্ৰস্তুতিয়ে স্পষ্ট কৰিলে এনএছইউআইৰ সংঘাত।

তুংগত উঠিছে নগাওঁ জিলা এনএছইউআইৰ সংঘাত

লগতে পঢ়ক: বিজেপিৰ মুুখ্য কাৰ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

উল্লেখযোগ্য যে নগাওঁ জিলা এনএছইউআইত সৃষ্টি হোৱা এনে সংঘাতৰ আঁৰত নগাঁৱৰ এগৰাকী প্ৰভাৱশালী নেতা জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে খোদ সংগঠনটোৰ জিলা সম্পাদকে।

ABOUT THE AUTHOR

...view details