অসম

assam

ETV Bharat / state

মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ মাজত ভয়ানক মাৰপিট

নগাঁৱৰ কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভিতৰত এন আৰ চিৰ লিগেচী ডাটা ব্যৱহাৰক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত সৃষ্টি হয় মাৰপিট

By

Published : Aug 1, 2019, 11:27 PM IST

মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ মাজত ভয়ানক মাৰপিট

নগাঁও, 1 আগষ্টঃ বৃহস্পতিবাৰে নগাঁৱৰ কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভিতৰত এন আৰ চিৰ লিগেচী ডাটা ব্যৱহাৰক কেন্দ্ৰ কৰি মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ ঘটনা অনুসৰি, চামগুৰিৰ শিৱস্থানৰ হাজী দাইৰেজ আলী নামৰ এজন লোকৰ লিগেচী নথি পত্ৰ অন্য এটা পৰিয়ালে ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছিল দাইৰেজ আলীৰ পুত্ৰ ছিদ্দিক অলীয়ে ৷ এই অভিযোগ সন্দৰ্ভত বৃহস্পতিবাৰে কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্যালয়ত হাজী দাইৰেজ আলী আৰু তেওঁৰ পৰিয়াল উপস্থিত হোৱাৰ পিছতেই কাৰ্যালয় চৌহদৰ ভিতৰতে তেওঁলোকক লিগেচী নথি পত্ৰ ব্যৱহাৰ কৰা চক্ৰটোৱে আক্ৰমণ কৰে ৷

মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ মাজত ভয়ানক মাৰপিট

ইতিমধ্যে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াসহ কলিয়াবৰ আৰক্ষী চকীৰ পৰিদৰ্শকে ঘটনাস্থলীত উপস্থিত হৈ নজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ইফালে এই আক্ৰমণত গুৰুতৰভাৱে আহত ছিদ্দিক আলী আৰু দুই পুত্ৰ আজগৰ আলী আৰু ইশ্চাক আলী সম্প্ৰতি নগাওঁ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । উল্লেখযোগ্য যে, ছিদ্দিক আলীৰ পৰিয়ালৰ সৈতে আক্ৰমণ কৰা দলটোৰ দীৰ্ঘদিনৰ পৰা চলি আহিছিল ভূমি বিবাদ

মহকুমাধিপতিৰ কাৰ্যালয়ৰ ভিতৰতে দুই ফৈদৰ মাজত ভয়ানক মাৰপিট

ABOUT THE AUTHOR

...view details