নগাঁও, 28 এপ্ৰিল :নগাঁও আৰক্ষীয়ে এক প্ৰকাৰে ওৰ পেলালে এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ (Assam Police SI Exam updates)। সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সম্পূৰ্ণ নস্যাত কৰিলে নগাঁও আৰক্ষীয়ে (SI Exam paper leak)।
প্ৰশ্নকাকত ফাদিলৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে আৰম্ভ কৰে অনুসন্ধান । এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগ সন্দৰ্ভত প্ৰথমে মৰিগাঁও জিলাৰ মিকিৰভেটাৰ সোণমণি কোচ নামৰ এগৰাকী পৰীক্ষাৰ্থীক আটক কৰি সোধপোছ কৰি লাভ কৰে প্ৰকৃত তথ্য ।
নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে জানিবলৈ দিয়া মতে, গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী কলেজত অনুষ্ঠিত পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ্থী সোণমণি কোচসহ তিনিগৰাকী প্ৰাৰ্থীয়ে পৰীক্ষাৰ উত্তৰ বহি জমা দিয়াৰ পিছত পৰীক্ষাৰ্থী কেইগৰাকীৰ পৰা প্ৰশ্নকাকত জমা লোৱা নাছিল নিৰীক্ষকে (Assam Police SI exam)। যাৰ বাবে পৰীক্ষাৰ্থী তিনিগৰাকীয়ে প্ৰশ্নকাকত জমা দিয়াৰ বিপৰীতে ঘৰলৈ লৈ যায় (Assam Police SI exam paper) ।
ইয়াৰে সোণমণি কোচ পৰীক্ষাৰ অন্তত ঘৰলৈ উভতাৰ সময়ত আন এজন যুৱকে মোবাইলত প্ৰশ্নকাকতৰ ফটো সংগ্ৰহ কৰিছিল । এনেকৈয়ে মোবাইলে মোবাইলে পৰীক্ষাৰ অন্তত ভাইৰেল হৈ পৰিছিল প্ৰশ্নকাকত । ইফালে, ঘটনাসন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই তৎপৰতাৰে অনুসন্ধান কৰি সোণমণি কোচৰ প্ৰশ্নকাকত জব্দ কৰাৰ পিছত বৃহস্পতিবাৰে আন দুগৰাকী পৰীক্ষাৰ্থীৰো প্ৰশ্নকাকত জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ।