অসম

assam

ETV Bharat / state

কাইলৈ শাওনৰ প্ৰথমটো সোমবাৰ: ক’ভিডৰ বাবে অনুষ্টুপীয়াকৈ উদযাপিত হ’ব ব’লবম

শাওন মাহৰ প্ৰথমটো সোমবাৰ বুলিলে ভক্তপ্ৰাণ ৰাইজৰ মাজত থাকে পাৰভগা উচাহ ৷ শিৱভক্ত সকলৰ বাবে শাওনৰ সোমবাৰ সমূহ বিশেষকৈ প্ৰথমটো সোমবাৰৰ আছে বিশেষ গুৰুত্ব ৷ পিছে, এইবেলি ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ মন্দিৰসমূহত নাই ব’লবমৰ উচাহ ৷

no excitement for upcoming bolbom event among devotees across state
শাওনৰ প্ৰথমটো সোমবাৰ সমাগত! ৰাজ্যত নাথাকিব ব’লবমৰ উচাহ

By

Published : Jul 18, 2021, 8:12 AM IST

Updated : Jul 18, 2021, 8:57 AM IST

চামগুৰি, 18 জুলাই :কাইলৈ শাওন মাহৰ প্ৰথমটো সোমবাৰে ৷ শাওনৰ সোমবাৰ বুলি ক'লেই সৰ্বত্ৰে দেৱাদিদেৱ মহাদেৱক আৰধনা কৰা ভক্তপ্ৰাণ ৰাইজৰ মাজত পাৰভঙা উচাহ-উদ্দীপনাৰ সমাহাৰ ঘটে । কিন্তু বিগত বৰ্ষৰ দৰেই এই বেলিও ৰাজ্যত বৰ্তি থকা ক'ভিড সৃষ্ট উদ্বেগজনক পৰিস্থিতিৰ বাবে শাওন মাহৰ সোমবাৰ তথা ব'লবমৰ উচাহ পৰিলক্ষিত হোৱা নাই ভক্তপ্ৰাণ ৰাইজৰ মাজত । সমান্তৰালকৈ ৰাজ্যত ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে অনুষ্টুপীয়াকৈ পালন কৰা হব ব'লবম ।

শাওনৰ প্ৰথমটো সোমবাৰ সমাগত! ৰাজ্যত নাথাকিব ব’লবমৰ উচাহ

বিগত বছৰৰ দৰে এই বছৰো ক'ভিড সৃষ্ট পৰিস্থিতিৰ বাবে চৰকাৰে আৰোপ কৰিছে বিভিন্ন ক'ভিড নীতি (covid protocol) ৷ এই জৰুৰী নীতি-নিৰ্দেশনা পালন কৰি একেবাৰে সীমিত ভাবেহে ব'লবম পৰ্ব পালন কৰিবলৈ মনস্থ কৰিছে বুলি জানিবলৈ দিছে ৰাজ্যৰ বিভিন্ন ঐতিহাসিক শিৱ মন্দিৰ(historical Shiva temple) পৰিচালনা সমিতিয়ে । মন্দিৰসমূহত কেৱল অনুষ্টুপীয়াকৈহে পালন কৰা হ'ব শাওন মাহৰ ধৰ্মীয় ৰীতি-নীতি ৷ ভিৰ কৰিবলৈ দিয়া নহ'ব ভক্ত সকলক ।

অনুৰূপ পৰিৱেশ বিৰাজ কৰিছে নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত ন'নৈ চাহ বাগিছাৰ দাঁতিৰ পাহাৰত থকা পুৰণি গুহা মন্দিৰত ।

পূৰ্বে শাওন মাহৰ দেওবাৰ সমূহত দূৰ দূৰণিৰ নৈ-বিল-জলাশয় আদিৰ পৰা একাজলি জল সংগ্ৰহ কৰি বহু সহস্ৰাধিক ভক্ত পদব্ৰজে আহি সোমবাৰে পুৱাৰ ভাগত অৰ্পণ কৰে প্ৰায় দুশ ফুট উচ্চতাত অৱস্থিত গুহা মন্দিৰ(guha temple)ৰ জাগ্ৰত শিৱ লিংগত(Shiva linga) । কিন্তু, বিগত বৰ্ষৰ দৰে এইবেলিও ক’ভিড প্ৰট’কল মানি চলিহে মন্দিৰ দৰ্শন কৰিব পাৰিব ভক্তসকলে ৷ ক’ভিডৰ বাবে গুহা মন্দিৰ কিম্বা ৰাজ্যৰ আন আন শিৱ মন্দিৰ সমূহত ব’লবমৰ উচাহ নোহোৱাত এতিয়া সেমেকি পৰিছে ভক্তপ্ৰাণ ৰাইজৰ মন ৷

লগতে পঢ়ক :মেট্ৰিকত ভাল ৰিজাল্টৰ নামত বৃহৎ ধনৰ লেনদেন !

Last Updated : Jul 18, 2021, 8:57 AM IST

ABOUT THE AUTHOR

...view details