ধিং, 28 মে’:বৃহস্পতিবাৰৰ দিনটোত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰাইজৰ মাজত এইবেলি প্ৰত্যেক বছৰৰ দৰে উচাহ দেখা নগ’ল । শ্ৰী শ্ৰী মাধৱদেৱৰ এই পূণ্য আবিৰ্ভাৱ তিথিত সত্ৰসমূহত পৰিলক্ষিত নহ’ল ভক্তৰ ভিৰ । ৰাজ্যৰ আন প্ৰান্ত সমূহৰ লগতে ঐতিহাসিক শ্রীশ্রী শংকৰ দেৱৰ পৱিত্ৰ জন্মস্থান আলি পুখুৰীৰ পাটেকীবড়ি সত্ৰতো এইবেলি নাই শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথিৰ উচাহ ৷ এক কথাত সত্ৰ খনত এক নিমাওমাও পৰিবেশ বিৰাজ কৰিলে বৃহস্পতিবাৰৰ দিনটোত ৷
উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবেলি মহাপুৰুষ জনাৰ আবিৰ্ভাৱ তিথিত অংশগ্ৰহণ কৰা নাই কোনো ভকতে । গুৰুজনাই প্ৰতিষ্ঠা কৰা এই ঐতিহাসিক সত্ৰখনত এইবেলি নাছিল পূৰ্বৰ উৎসাহ উদ্দীপনা । আনহাতে, ভকত নথকাত পুৱাৰে পৰা কেৱল তিনিজন ভকতেৰে নাম কীৰ্তন কৰিয়েই সামৰিব লগীয়া হ’ল এইবেলিৰ অনুষ্ঠান ৷