কলিয়াবৰ , 3 অক্টোবৰ :অসম তথা কলিয়াবৰবাসীৰ বাবে এক সু-খবৰ ৷ অসম আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উঠি অহাৰ মাজতে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে দুই আৰক্ষী বিষয়াই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে দেখুওৱা সাহসীকতাৰ বাবে সফলতাৰ স্বীকৃতি লাভ কৰিছে কলিয়াবৰৰ দুই আৰক্ষী বিষয়াই ৷
কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস আৰু জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাই লাভ কৰিছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ এই বিশেষ সন্মান ৷ মুখ্যমন্ত্ৰীৰ এই বিশেষ সন্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে দুয়োগৰাকী আৰক্ষী বিষয়া । আৰক্ষী দিৱসৰ দিনা অৰ্থাৎ 1 অক্টোবৰৰ দিনা নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই দুয়োগৰাকী আৰক্ষী বিষয়াক প্ৰদান কৰে এই সন্মান ।