অসম

assam

ETV Bharat / state

আঢ়ৈ বছৰ অতিক্ৰম কৰিলে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াই - গোচৰৰ বিচাৰ প্ৰক্ৰিয়া

ৰাজ্য কপোৱা ডকমকাৰ নীল-অভি হত্যাকাণ্ডৰ গোচৰ আজিও বিচাৰাধীন হৈ আছে নগাঁও আদালতত । শুকুৰবাৰে নগাঁও জিলা ন্যায়িক আদালতত নীল অভি হত্যাকাণ্ডৰ গোচৰৰ ওপৰত শুনানি চলে ।

Nill abhi murder case Judgment Process
আঢ়ৈ বছৰ অতিক্ৰম কৰিলে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াই

By

Published : Feb 12, 2021, 8:12 PM IST

নগাঁও, 12 ফেব্ৰুৱাৰী : ৰাজ্য কপোৱা ডকমকাৰ নীল-অভি হত্যাকাণ্ডৰ গোচৰ আজিও বিচাৰধীন হৈ আছে নগাঁও আদালতত । শুকুৰবাৰে নগাঁও জিলা ন্যায়িক আদালতত নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ ওপৰত শুনানি চলে । অৱশ্যে নগাঁও জিলা ন্যায়িক আদালতত নতুনকৈ যোগদান কৰিবলগীয়া ন্যায়াধীশে যোগদান নকৰাৰ বাবে শুক্ৰবাৰে আদালতত চলা শুনানি প্ৰক্ৰিয়াত গোচৰটোৰ সাক্ষ্য গ্ৰহণ কৰা নহয় । ইতিমধ্যে এই গোচৰৰ সন্দৰ্ভত নগাঁও আদালতে ৫১ জনৰ সাক্ষ্য গ্ৰহণ কৰিছে বুলি নীল-অভিৰ পক্ষৰ অধিবক্তাই জানিবলৈ দিছে ৷

আঢ়ৈ বছৰ অতিক্ৰম কৰিলে নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াই

উল্লেখ্যে যে, নিলোৎপল দাস আৰু অভিজিৎ নাথৰ হত্যাকাণ্ড গোচৰৰ শুনানি প্ৰক্ৰিয়া দীঘলীয়া হোৱাৰ বাবে এক প্ৰকাৰৰ হতাশত ভোগিছে অভি-নীলৰ পিতৃ-মাতৃ ৷ প্ৰায় আঢ়ৈ বছৰ ধৰি ন্যায়ৰ আশাত বন্দি হৈ আছে অভি-নীলৰ পিতৃ-মাতৃ ৷ অৱশ্যে অভি-নীলৰ পিতৃ-মাতৃয়ে নগাঁও আদালতে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়া বুলি সাংবাদিকক আগত মন্তব্য প্ৰকাশ কৰিছে ।

বিগত এটা বছৰত তিনিগৰাকীকৈ ন্যায়াধীশৰ বদলি, ক'ভিড সৃষ্ট পৰিস্থিতি আদি বিভিন্ন কাৰণত নীল-অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পলম হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: চামগুৰি কংগ্ৰেছৰ বিশল বাইক ৰেলীত শ্ৰীনিবাস ভি কে

ABOUT THE AUTHOR

...view details