অসম

assam

ETV Bharat / state

কলিয়াবৰৰ নীলপৱন বৰালৈ অসম সত্ৰ মহাসভাৰ শ্ৰেষ্ঠ গায়ন উপাধি

কলিয়াবৰৰ নীলপৱন বৰালৈ অসম সত্ৰ মহাসভাৰ শ্ৰেষ্ঠ গায়ন উপাধি প্ৰদান ৷ অসম সত্ৰ মহাসভাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পৰীক্ষা পৰিষদৰ সন্মানীয় প্ৰয়াত ফণীন্দ্ৰ নাথ গোস্বামী স্মাৰক বঁটা নীলপৱন বৰালৈ ৷ আকৰ্ষণীয় কণ্ঠৰ অধিকাৰী নীলপৱনৰ কণ্ঠত প্ৰাণ পাই উঠে গুৰু দুজনাৰ গীত-ভটিমা ৷

Asom Satra Mahasabha
কলিয়াবৰৰ নীলপৱন বৰাৰ সাফল্য

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 10:14 PM IST

নীলপৱন বৰালৈ ফণীন্দ্ৰ নাথ গোস্বামী স্মাৰক বঁটা

কলিয়াবৰ, 20 নৱেম্বৰ :শ্ৰীকৃষ্ণৰ ৰাসলীলা উৎসৱৰ প্ৰাকক্ষণত কলিয়াবৰলৈ আহিল এক সুখবৰ ৷ কলিয়াবৰৰ উদীয়মান গায়ক, কুশীলৱ নীলপৱন বৰাই লাভ কৰিছে সত্ৰীয়া গায়ন বিষয়ত শ্ৰেষ্ঠ গায়ন উপাধিৰ লগতে সন্মানীয় 'প্ৰয়াত ফণীন্দ্ৰ নাথ গোস্বামী স্মাৰক বঁটা' ৷ অসম সত্ৰ মহাসভাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা কেন্দ্ৰৰ পৰীক্ষা পৰিষদৰ উদ্যোগত, অসম সত্ৰ মহাসভা সাংস্কৃতিক মহাবিদ্যালয়ৰ সহযোগত আয়োজিত 'সমাৱৰ্তন' অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় নীলপৱন বৰাক ৷

অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ স্নাতক উপাধি বৰ্ষৰ চূড়ান্ত পৰীক্ষাত সত্ৰীয়া গায়ন বিষয়ত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পাছত পৰীক্ষা পৰিষদৰ বিশেষ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে নিৰ্বাচিত হৈছিল কলিয়াবৰ সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ, সমন্বিত যুৱতীৰ্থ কলিয়াবৰৰ কাৰ্যকৰী সদস্য নীলপৱন বৰা ৷ এই পৰীক্ষাতো বিশেষ পাৰদৰ্শিতাৰে অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰি কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে নীলপৱনে ৷ দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰত অনুষ্ঠিত হোৱা পৰীক্ষা পৰিষদ আৰু অসম সত্ৰ মহাসভাৰ সমাৱৰ্তন অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয় তেওঁক ৷

কলিয়াবৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ, গুৰু ৰাতুল শৰ্মাৰ তত্ত্বাবধানত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল ৷ এইক্ষেত্ৰত গুৰু ৰাতুল শৰ্মাৰ অশেষ কষ্টৰ বলতহে এনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বুলি কৈ নীলপৱনে গুৰুলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ তদুপৰি প্ৰয়াত হেমচন্দ্ৰ বৰাৰ লগতে শ্বাৱন কুমাৰ মহন্ত, ৰাজীৱ মহন্ত, প্ৰণালী শৰ্মা, অনুপজ্যোতি ভূঞাৰ সহায়-সহযোগিতা, মাৰ্গদৰ্শনৰ বাবে কৃতজ্ঞতা জনায় ৷ কলিয়াবৰৰ বৰুৱাচুক গাঁৱৰ নিৱাসী গোলক বৰা আৰু শিক্ষয়িত্ৰী মণিকা বৰুৱাৰ কনিষ্ঠ পুত্ৰ নীলপৱন বৰা কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ দ্বিতীয় বৰ্ষৰ কলা শাখাৰ ছাত্ৰ ৷

উল্লেখযোগ্য যে, অসম সত্ৰ মহাসভাৰ এই বিশেষ প্ৰতিযোগিতামূলক পৰীক্ষাৰ শীৰ্ষস্থানৰ বঁটা এইবাৰলৈকে কলিয়াবৰৰ তিনিগৰাকী পৰীক্ষাৰ্থী ক্ৰমে — 2019-20 বৰ্ষত প্ৰণালী শৰ্মা (তৃতীয় শ্ৰেষ্ঠ), 2020-21 বৰ্ষত শ্বাৱন কুমাৰ মহন্ত (প্ৰথম শ্ৰেষ্ঠ) আৰু 2022-23 বৰ্ষত নীলপৱন বৰাই (প্ৰথম শ্ৰেষ্ঠ) লাভ কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে, এই অনুষ্ঠানতে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে অসম সত্ৰ মহাসভাই কলিয়াবৰৰ শ্ৰীশ্ৰীখুন্দামৰা সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া ভোলানাথ গোস্বামী আৰু শ্ৰীশ্ৰীচামগুৰি সত্ৰৰ জ্যেষ্ঠ সত্ৰীয়া কমল চন্দ্ৰ গোস্বামীক সম্বৰ্দ্ধনা জনায় ৷

লগতে পঢ়ক :তৃতীয় বাৰ্ষিক প্ৰণৱ দত্ত সোঁৱৰণী মুকলি কাৰাটে-ডু প্ৰতিযোগিতাৰ আৰম্ভণি

ABOUT THE AUTHOR

...view details