নগাঁও, 9 নৱেম্বৰ:চালে চকুৰোৱা প্ৰাকৃতিক পৰিৱেশৰে ভৰপুৰ নীলা পানীৰ হ্ৰদ ৷ পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু এই হ্ৰদ অৱস্থিত কলিয়াবৰৰ কঠালগুৰিত ৷ কিন্তু আকৰ্ষণৰ পৰিৱৰ্তে এতিয়া আতংকৰ কাৰণ হৈ পৰিছে হ্ৰদটো ৷ বিগত সময়ত হ্ৰদটোলৈ অহা পৰ্যটকৰ বাবে সুখকৰ নাছিল এই অভিজ্ঞতা ৷ ইতিমধ্যে হ্ৰদটোলৈ অহা প্ৰায় 4 গৰাকী ব্যক্তিয়ে আঁকোৱালি লৈছে মৃত্যুক ৷ সেয়ে হ্ৰদটোৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷
উল্লেখ্য যে, 2017 চনত এই হ্ৰদত মৃত্যু ঘটিছিল দুগৰাকী ব্যক্তিৰ ৷ চলিত বৰ্ষৰ 12 অক্টোবৰত হ্ৰদটো পৰিদৰ্শন কৰিবলৈ আহি মৃত্যুক সাৱটিছিল গুৱাহাটীৰ বিকি কলিতা নামৰ যুৱকগৰাকীয়ে ৷ প্ৰায় তিনিদিন পূৰ্বে হ্ৰদটোত উদ্ধাৰ হৈছে নগাঁৱৰ ইটাচালিৰ অয়নাভ হাজৰিকাৰ মৃতদেহ ৷ এই ঘটনাৰ পিছতে অধিক সষ্টম হৈ পৰে হ্ৰদটোৰ চোৱা চিতাৰ দায়িত্বত ন্যস্ত থকা কলিয়াবৰ মহকুমা প্ৰশাসন ৷