নগাঁও,17আগষ্টঃদেশ কঁপাই যোৱা ডকমকাৰ নৃশংস হত্যাকাণ্ড । কোনো এজন অসমীয়াই বৰ্তমানেও পাহৰিব নোৱাৰা সেই নাৰকীয় কাণ্ডৰ এটা বছৰ অতিক্ৰম কৰাৰ পিছতো ন্যায় পোৱা নাই দুৰ্ভগীয়া পৰিয়াল দুটাই । কিন্তু এনে সময়তে এতিয়া দুশ্চিন্তাত ভুগিছে দুয়োটা পৰিয়াল । কাৰণ এই নৃশংস ঘটনাৰ চাক্ষুষ সাক্ষ্য প্ৰদান কৰা কেবাগৰাকী সাক্ষীৰ ভিতৰত 3 গৰাকী সাক্ষীয়ে ইতিমধ্যেই আদালতত সলনি কৰিছে ভাষ্য । কেৱল এয়াই নহয় একাংশই আদালতত সাক্ষীক ভাষ্য সলনি কৰিবলৈ ভীতি প্ৰদৰ্শনৰ অভিযোগ উত্থাপন কৰিছে নিলোৎপল আৰু অভিজিতৰ পিতৃয়ে । এই অভিযোগত দুগৰাকী কণিষ্ঠ অধিবক্তাসহ মুঠ চাৰিজন লোকৰ বিৰুদ্ধে ডিফু আদালতত ইতিমধ্যে গোচৰ তৰিছে নিলোৎপল, অভিজিতৰ পৰিয়ালে । শনিবাৰে এই গোচৰৰ শুনানী আছিল যদিও নগাঁও আদালতে অহা ৯ চেপ্টেম্বৰত পৰৱৰ্তী শুনানীৰ দিন ধার্য কৰিছে ।
আদালতত ভাষ্য সলনি কৰিছে সাক্ষীয়ে ! সাৰি যাব পাৰে অভি-নীলৰ হত্যাকাৰী ! - কণিষ্ঠ অধিবক্তা
প্ৰসংগ ডকমকাৰ নৃশংস নীল, অভি হত্যাকাণ্ড । ইতিমধ্যে তিনিগৰাকী সাক্ষীৰ ভাষ্য সলনি । আদালতত ভাষ্য সলনি কৰিবলৈ সাক্ষীক ভীতি প্ৰদৰ্শনৰ অভিযোগ দাখিল নিলোৎপল, অভিজিতৰ পিতৃৰ । দুগৰাকী কণিষ্ঠ অধিবক্তাৰ বিৰুদ্ধেও এজাহাৰ দুই দুৰ্ভগীয়া পিতৃৰ । সাক্ষীৰ ভাষ্য সলনিক লৈ চিন্তিত দুয়োটা পৰিয়াল ।
সাক্ষীৰ ভাষ্য সলনিক লৈ চিন্তিত অভি-নীলৰ দুৰ্ভগীয়া পিতৃ
উল্লেখ্য যে সাক্ষীৰ নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্চ ন্যায়ালয়ত নিলোৎপল অভিজিতৰ পৰিয়ালে লোকে জনোৱা আবেদনৰ ভিত্তিত ডিফু আদালতৰ বিপৰীতে গোচৰটোৰ শুনানী চলি আছে নগাঁও আদালতত ।
Last Updated : Aug 17, 2019, 6:49 PM IST