নগাঁও, ১৫ জুলাই :ভিন্ন আকাৰত দেশৰ ৰাষ্ট্ৰীয় পতাকা অংকণ কৰি ইতিমধ্য়ে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । ইয়াৰ মাজতেই এইবাৰ অসমৰ এগৰাকী ছাত্ৰীয়ে সাফল্য় অৰ্জন কৰিবলৈ সক্ষম হৈছে । মাত্ৰ ৯ ছেকেণ্ড সময়তে আধা ইঞ্চিত ৰঙেৰে দেশৰ ৰাষ্ট্ৰীয় পতাকা অংকণ কৰি লণ্ডন বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে । ছাত্ৰীগৰাকীৰ নাম নিহাৰিকা দাস । নগাঁও চহৰৰ তেলিয়াপত্তিৰ ৰাম কৃষ্ণ পল্লী পথৰ নিবাসী দীপক কুমাৰ দাস আৰু জবা দাসৰ জ্যেষ্ঠ কন্যা নিহাৰিকা ।
নগাঁৱৰ মিছন স্কুলৰ ষষ্ঠ শ্ৰেণীত অধ্য়য়ণ কৰি আছে নিহাৰিকা দাসে । নিহাৰিকাই অসম্ভৱকো সম্ভৱ কৰি তুলিলে মাত্ৰ ৯ ছেকেণ্ডত। ষষ্ঠ শ্ৰেণীৰ এগৰাকীয়ে মাত্ৰ ৯ ছেকেণ্ডত আধা ইঞ্চিত ৰাষ্ট্ৰীয় পতাকা ৰঙেৰে অংকন সম্পূৰ্ণ কৰি লণ্ডন বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক:AASU protest against price hike in Jorhat: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাইজক, ৰাজ্যজুৰি আছুৰ বিক্ষোভ