নগাঁও, 25ছেপ্টেম্বৰঃ আপোনাৰ সন্তান অথবা পৰিয়ালৰ কোনো লোক ড্ৰাগছ আসক্ত নেকি? ড্ৰাগছ আসক্ত লোকক লৈ আপুনি চিন্তিত নেকি? এতিয়াৰ পৰা এই ড্ৰাগছ আসক্ত লোকসকলক উদ্ধাৰ আৰু সহায়ৰ বাবে নগাঁও আৰক্ষীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । নগাঁও জিলাৰ আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ প্ৰচেষ্টাত ড্ৰাগছ আসক্ত লোকক সহায়ৰ বাবে মুকলি কৰিছে 'সহায়' নামেৰে এটা হটলাইন নম্বৰ । 6026639811 নম্বৰত যোগাযোগ কৰি আপুনিও লাভ কৰিব পাৰে সহায় । সম্প্ৰতি পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজা পৰ্যন্ত উপলব্ধ হ'ব এই হটলাইন নম্বৰ। পৰৱৰ্তী সময়ত প্ৰয়োজনত এই নম্বৰ উপলব্ধ কৰিব 24 ঘণ্টা । ইপিনে নগাঁৱৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লোকেও সহায় লাভ কৰিব নগাঁও আৰক্ষীৰ এই সহায়ৰ । উল্লেখ্য যে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছতেই শংকৰ ব্ৰত ৰায় মেধিয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গঠন কৰিছিল বিশেষ অভিযানকাৰী দল। ড্ৰাগছৰ বিৰুদ্ধে নগাঁৱত ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰখাৰ পিছত এতিয়া ড্ৰাগছ আসক্ত লোকক সহায়ৰ বাবে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰিছে সচেতন লোকে ।
ড্ৰাগছ আসক্তক সহায় কৰিব নগাঁও আৰক্ষীয়ে - ড্ৰাগছ আসক্ত লোকক সহায় নগাঁও আৰক্ষীৰ
ড্ৰাগছ আসক্ত লোকক সহায়ৰ বাবে নগাঁও আৰক্ষীৰ বিশেষ পদক্ষেপ। ড্ৰাগছ আসক্তক সহায় কৰিবলৈ 'সহায়' নামেৰে মুকলি কৰিলে হটলাইন নম্বৰ । নগাঁৱৰ লগতে ৰাজ্যৰ অন্যান্য জিলাৰ লোকেও সহায় লাভ কৰিব নগাঁও আৰক্ষীৰ 'সহায়'ৰ ।
![ড্ৰাগছ আসক্তক সহায় কৰিব নগাঁও আৰক্ষীয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4546656-thumbnail-3x2-k.jpg)
ড্ৰাগছ আসক্তক সহায়ৰ বাবে নগাঁও আৰক্ষীৰ বিশেষ পদক্ষেপ
যিসকল লোক ড্ৰাগছ আসক্ত তেওঁলোকে পোনপটীয়াকৈ নগাঁও আৰক্ষীৰ হটলাইন নম্বৰ 6026639811ত নিসংকোচে ফোন কৰিব পাৰিব ৷ সকলো তথ্য গোপনে ৰখাৰ লগতে প্ৰয়োজনীয় সকলোধৰণৰ সহায় আগবঢ়াব নগাঁও আৰক্ষীৰ তৰপৰ পৰা ৷ এই ক্ষেত্ৰত কোনো লোকে যদি ড্ৰাগছ আসক্ত লোকৰ বিষয়ে কোনো তথ্য আছে তেনেহ'লে নগাঁও আৰক্ষীক জনাব পাৰিব ৷ আৰক্ষীয়ে তেওঁলোকক ড্ৰাগছৰ পৰা মুক্তি পোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি জনাই নগাঁও আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায়মেধিয়ে ৷
ড্ৰাগছ আসক্তক সহায়ৰ বাবে নগাঁও আৰক্ষীৰ বিশেষ পদক্ষেপ
Last Updated : Sep 25, 2019, 1:42 PM IST