অসম

assam

By

Published : Mar 25, 2021, 1:06 PM IST

ETV Bharat / state

নিৰ্বাচনৰ প্ৰাক ক্ষণত জন্ম পালে 'সমষ্টি উন্নয়ন পৰিষদ'

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি অব্যাহত থকাৰ সময়তে নতুনকৈ গঠিত হ'ল 'সমষ্টি উন্নয়ন পৰিষদ' নামৰ এটা সংগঠন । নগাঁৱত এক সংবাদমেল সম্বোধন কৰি বিজেপি বিৰোধী শক্তিৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনালে নৱগঠিত সংগঠনটোৰ নেতৃত্বই ।

নিৰ্বাচনৰ প্ৰাক ক্ষণত জন্ম পালে 'সমষ্টি উন্নয়ন পৰিষদ'
নিৰ্বাচনৰ প্ৰাক ক্ষণত জন্ম পালে 'সমষ্টি উন্নয়ন পৰিষদ'

নগাঁও,২৫ মাৰ্চ: শাসকীয় দল বিজেপিৰ বিৰুদ্ধে এইবাৰ সৰৱ হ'ল নৱগঠিত সংগঠন 'সমষ্টি উন্নয়ন পৰিষদ মধ্য অসম' । ৰাজ্যত নিৰ্বাচনী গৰম বতাহ বলি থকাৰ সময়তে মধ্য অসমত জন্ম পালে 'সমষ্টি উন্নয়ন পৰিষদ' নামৰ সংগঠনটো ।

বুধবাৰে নগাঁৱত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ নেতৃত্বই বিজেপি বিৰোধী শক্তিৰ পক্ষত ভোটদান কৰিবলৈ ৰাইজক আহ্বান জনায় । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰা ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ আহ্বান জনায় সংগঠনটোৱে ।

বিজেপিক অসমৰ সভ্যতা-সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান আৰু সাম্প্ৰদায়িক দল আখ্যা দিয়াৰ লগতে অসম গণ পৰিষদৰ বিৰুদ্ধেও এইবাৰ নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ৰাইজক সংগঠনটোৰ নেতৃত্বই আহ্বান জনায় ।

'সমষ্টি উন্নয়ন পৰিষদ মধ্য অসম'ৰ আহ্বায়ক বিৰিঞ্চি বৰা আৰু মোলান লস্কৰে সমষ্টি বিশেষে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিৰুদ্ধে জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা আঞ্চলিক দলৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব লাগে বুলি সংবাদমেলত মন্তব্য কৰে । মুঠতে বিজেপিৰ বিৰুদ্ধে থিয় দিবলৈ ৰাইজক সজাগ কৰিবলৈ এই সংগঠনটোৱে প্ৰয়াস কৰিছে ।

লগতে পঢ়ক:পাটোৱাৰী উদ্ধাৰ অভিযানৰ বাবে শুকুৰবাৰে আহি আছে গাডকাৰী

ABOUT THE AUTHOR

...view details