কলিয়াবৰ, 13 আগষ্ট :‘‘পৰাধীন ভাৰতত জীৱন নিৰ্বাহ কৰা লোকসকলেহে স্বাধীনতাৰ প্ৰকৃত মৰ্ম উপলব্ধি কৰিব পাৰে । সেই উপলব্ধিক দেশৰ জনগণে যাতে হৃদয়ংগম কৰিব পাৰে, তাৰ বাবেই এই আজাদী কা অমৃত মহোৎসৱৰ আয়োজন কৰা হৈছে ৷ শনিবাৰে কলিয়াবৰত আয়োজিত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুৰ পৰিয়ালক জনোৱা সম্বৰ্ধনা সভাত অংশ লৈ এই মন্তব্য কৰে নৱ নিযুক্ত ৰাজ্যৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰে (Senior IAS officer Paban Kumar Borthakur) ৷
লগত তেওঁ কয় যে, ৰাজ্য চৰকাৰে তেওঁক ৰাজ্যৰ মুখ্যসচিব ৰূপে নিযুক্তি লাভ কৰি অত্যন্ত সুখী অনুভৱ কৰিছে (Paban Kumar Borthakur appointed new Chief Secretary) ৷ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰে হাতত লোৱা সকলো আঁচনি তথা পদক্ষেপ যাতে সঠিকভাৱে ৰূপায়ন হয়, তাৰে বাবে কৰিবলগীয়া সকলোখিনি কাম অনাগত দিনত তেওঁ কৰি যাব ৷
যাৰ বাবে তেওঁ কলিয়াবৰ ৰাইজৰ আৰ্শীবাদ তথা সহায়-সহযোগ বিচাৰিছে ৷