অসম

assam

ETV Bharat / state

নগাঁৱৰ পৰা চেন্নাইলৈ পোনপটীয়া ৰে'ল সেৱা মুকলি - Rajen Gohain

নগাঁৱবাসীৰ বাবে সু খবৰ। আৰম্ভ হ'ল শিলঘাটৰ পৰা চেন্নাইলৈ নতুন ৰেল। শুক্ৰবাৰে নগাঁৱত নতুন ৰেলখনৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰাজ্যিক ৰে'ল মন্ত্ৰী ৰাজেন গোহাঁইয়ে। পৰৱৰ্তী সময়ত নগাঁৱৰ পৰা দিল্লী, মুম্বাইলৈও চলিব পোনপটীয়া ৰেল।

নগাঁৱৰ পৰা চেন্নাইলৈ পোনপটীয়া ৰেল সেৱা মুকলি

By

Published : Feb 22, 2019, 3:02 PM IST

নগাঁৱৰ পৰা চেন্নাইলৈ পোনপটীয়া ৰেল সেৱা মুকলি

শুকুৰবাৰে শিলঘাটৰ পৰা চেন্নাইলৈ ৰাওনা হয় প্ৰথমখন ৰেল। নগাওঁ ষ্টেচনত কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোহাঁইয়ে শিলঘাট- তাম্বৰম ৰেলখন উঠি সেউজীয়া পতাকা উৰুৱাই আৰম্ভণি কৰে ৰেলখনৰ যাত্ৰা। নগাঁৱক দেশৰ সৈতে চিনাকি কৰাৰ উদ্দেশ্যে শিলঘাট চেন্নাইলৈ যোৱা ৰেলখন নগাওঁ এক্সপ্ৰেছ নামেৰে নামাকৰণ কৰাৰ কথা উল্লেখ কৰে ৰাজেন গোহাঁইয়ে। শিলঘাট ষ্টেচনৰ পৰা পৰৱৰ্তী সময়ত দিল্লী আৰু মুম্বাইলৈও আৰম্ভ কৰা হ'ব ৰেল সেৱা।

ABOUT THE AUTHOR

...view details