নগাঁও,2জানুৱাৰী: অগপ দলৰ সাংগঠনিক সম্পাদক তথা তথ্য প্ৰযুক্তি কোষৰ দায়িত্ববাহী যুৱ নেতা মণিমাধৱ মহন্তৰ নেতৃত্বত তথ্য-প্ৰযুক্তিৰ সহায়ত অগপৰ বিশেষ অভিযান । পয়ত্ৰিশ বছৰ অতিক্ৰম কৰা অসমৰ ৰাজনীতিৰ অন্যতম আঞ্চলিক ৰাজনৈতিক দল হৈছে অসম গণ পৰিষদ । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন সমষ্টিত ৰাজনৈতিক সভাৰ জৰিয়তে জনতাৰ দৃষ্টি আকৰ্ষণ কৰা অসম গণ পৰিষদে এই বৰ্ষত তথ্য-প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে জনসাধাৰণৰ কাষ চপাৰ সিদ্ধান্ত লৈছে । সেই উদ্দেশ্যৰে ৩ জানুৱাৰীৰ পৰা টিয়কত আনুষ্ঠানিকভাৱে 'মিছ কল'ৰ জৰিয়তে সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিব দলটোৱে, য'ত উপস্থিত থাকিব দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলৰ নেতা-কৰ্মী ।
তথ্য-প্ৰযুক্তিৰ জৰিয়তে দলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ইতিমধ্যে এটি সংস্থাৰ লগত চুক্তিবদ্ধ হৈছে বুলি জনালে দলৰ সাংগঠনিক সম্পাদক তথা তথ্য-প্ৰযুক্তি কোষৰ দায়িত্ববাহী যুৱ নেতা মণিমাধৱ মহন্তই । বিশেষকৈ সামাজিক মাধ্যমৰ জৰিয়তে যুৱ-প্ৰজন্মৰ মাজত জাতীয়তাবাদী দলটোক অধিক জনপ্ৰিয় কৰাৰ লক্ষ্য আগত ৰাখি সুস্থ বাৰ্তাৰে ৰাইজৰ কাষ চপাৰ পৰিকল্পনা ব্যক্ত কৰে মহন্তই ।