নগাঁও, 19 ডিচেম্বৰ :নগাঁৱৰ কৃষ্ণাইঘাটত দুদিনীয়াকৈ অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতি(Krishak Mukti Sangram Samiti) আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি(Satra mukti Sangram Samiti)ৰ কেন্দ্ৰীয় প্ৰতিনিধি সভাত সংগঠন দুটাৰ নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হয় । দেওবাৰে কৃষ্ণাইঘাটত অনুষ্ঠিত হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰতিনিধি আৰু বিষয় বাচনি সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়(New Central committee of KMSS)। ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াৰ উপস্থিতিত গঠন হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন সমিতি ।
ৰাইজৰ দলৰ সভাপতি তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্রতিষ্ঠাপক অখিল গগৈ, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াসহ ১৪ জন উপদেষ্টা, ৰাজু বৰা আৰু দেৱেন শৰ্মাক সভাপতি, মুকুট ডেকা, ৰাজু বৰপাত্ৰ গোহাঁই, ৰাতুল হুছেইনক কাৰ্যকৰী সভাপতি, বিদ্যুৎ শইকীয়া আৰু বিতু সোণোৱালক সাধাৰণ সম্পাদক, মনিশংকৰ গয়াৰী, মহীধৰ ৰায়, দেৱজিত বৰুৱাক সহকাৰী সাধাৰণ সম্পাদক, আকাশ দলেক সাংগঠনিক সম্পাদক, মুন দাস সহ ৮ জনক উপদেষ্টা হিচাপে লৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়।