অসম

assam

ETV Bharat / state

নগাঁৱত উদ্ধাৰ দুটাকৈ নৱজাতকৰ মৃতদেহ - নগাঁৱত দুটাকৈ সদ্যজাত নৱজাতকৰ মৃতদেহ

নগাঁৱত বুধবাৰে উদ্ধাৰ নৱজাতকৰ মৃতদেহ ৷ জিলাখনৰ দুই প্ৰান্তত উদ্ধাৰ দুটাকৈ মৃতদেহ ৷ বটদ্ৰৱাৰ বৰগাঁও শ্মশানৰ পথৰ দাঁতিত আৰু পলাশনীত উদ্ধাৰ হয় মৃতদেহ দুটা ৷

নগাঁও
নগাঁৱত উদ্ধাৰ দুটাকৈ নৱজাতকৰ মৃতদেহ

By

Published : Feb 5, 2020, 5:47 PM IST

নগাঁও, 5 ফেব্ৰুৱাৰীঃ বুধবাৰে নগাঁও জিলাৰ দুই প্ৰান্তত উদ্ধাৰ দুটাকৈ নৱজাতকৰ মৃতদেহ ৷ বটদ্ৰৱাৰ পশ্চিম বৰগাঁও শ্মশানৰ পথৰ দাঁতিত পেলাই থোৱা অৱস্থাত উদ্ধাৰ সদ্যজাত নৱজাতকৰ মৃতদেহ ৷ স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷

আনহাতে, নগাঁৱৰ পলাশনীতো উদ্ধাৰ হয় নৱজাতকৰ মৃতদেহ ৷ জাবৰৰ দৰে পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ ৷ দুই তিনিদিন পূৰ্বে জন্ম হোৱা নৱজাতকক আৱর্জনাৰ দৰে দলঙৰ তলত পেলাই থৈ যায় ৷ স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ৷

নগাঁৱত উদ্ধাৰ দুটাকৈ নৱজাতকৰ মৃতদেহ

ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আনহাতে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মোনাত ভৰাই লৈ যায় আৰক্ষীয়ে ৷ আৰক্ষীৰ এই কাণ্ডক লৈ অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ এইদৰে আইনৰ ৰক্ষকৰ দ্বাৰা মানৱ অধিকাৰ লংঘন হোৱা ঘটনাৰ বাবে উচ্চস্তৰীয় প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

আৰু পঢ়কঃ আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

ABOUT THE AUTHOR

...view details